ETV Bharat / state

বিধ্বস্ত পথঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত লংগাও অঞ্চলৰ ৰাইজে বৃহস্পতিবাৰে বিভিন্ন দল-সংগঠনৰ সহযোগত পথ মেৰামতিৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

author img

By

Published : Jul 30, 2020, 6:21 PM IST

AJYCP protest Margherita assam etv bharat news
বিধ্বস্ত পথ মেৰামতিৰ দাবীত প্ৰতিবাদ

মাৰ্ঘেৰিটা,30 জুলাই: বাট-পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দীৰ্ঘদিনে জীয়াতু ভুগি আহিছে মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত লংগাও অঞ্চলৰ ৰাইজে । একাঁঠু বোকাৰ মাজেৰে যাতায়াত কৰিব লাগে পথচাৰীসকলে,আনকি সেই বিপদসংকুল পথেৰে পাৰ হ’ব নোৱাৰে কোনো ৰোগী কঢ়িওৱা এম্বুলেঞ্চ ৷ সমষ্টিটোৰ প্ৰায় প্ৰতিটো পথ-উপপথৰে সম্প্ৰতি একেই অৱস্থা ৷ বিশেষকৈ মাৰ্ঘেৰিটাৰ ইনথেম পঞ্চায়তৰ অন্তৰ্গত এক নং ৱাৰ্ডৰ লংগাও-উলুপ সংযোগী পথটোৰে যান-বাহন অহা-যোৱা কৰাটো দূৰৰ কথা খোজকাঢ়ি পাৰ হ’ব নোৱাৰে পথচাৰীসকলে ৷

বিধ্বস্ত পথ মেৰামতিৰ দাবীত প্ৰতিবাদ

অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিনে পথটো মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাইছিল যদিও এইক্ষেত্ৰত কাণসাৰ দিয়া নাই সংশ্লিষ্ট কৰ্তৃপক্ষই ৷ স্থানীয় জন প্ৰতিনিধিয়ে নিৰ্বাচনৰ সময়ত ৰাইজক পথটো নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি পথটোত নপৰিল এটাও শিলগুটি । সেয়ে বিভাগীয় কৰ্তৃপক্ষৰ ভূমিকাত অতিষ্ঠ হৈ শীঘ্ৰে পথছোৱা মেৰামতি কৰাৰ দাবীত বৃহস্পতিবাৰে বিভিন্ন দল-সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ ৷ স্থানীয় প্ৰতিনিধি ভাস্কৰ শৰ্মাই ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰে ৷

লগতে চাওকঃ হয়বৰগাঁৱত চুৰি সামগ্ৰীসহ আটক অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.