ETV Bharat / state

ডুমডুমাত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে EIAৰ খচৰা বাতিল নোহোৱা পৰ্যন্ত যুৱ-ছাত্ৰ পৰিষদে আন্দোলন কৰি যাব বুলি প্ৰকাশ কৰে ৷

author img

By

Published : Aug 5, 2020, 10:24 PM IST

AJYCP protest at dumduma
AJYCP protest at dumduma

ডুমডুমা, 5 আগষ্টঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ লগতে EIA খচৰা বাতিল আৰু অখিল গগৈৰ মুক্তি প্ৰদানৰ দাবীত মানৱ-শৃংখল ৰূপায়ন কৰি বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমাত এলানি প্ৰতিবাদ সাব্যস্ত কৰে ৷

যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ আহ্বান মৰ্মে ডুমডুমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখত এই মানৱ শৃংখল কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদ তথা বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াৰ লগতে বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে ৷

ডুমডুমাত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে EIA-ৰ খচৰা বাতিল নোহোৱা পৰ্যন্ত যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ ৰূপত আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়কঃ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনকলৈ মঙলদৈত যজ্ঞৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.