ETV Bharat / state

AJP hold protest against palm oil plantation: তৈল খেজুৰ খেতিৰ বিৰোধিতাৰে ধলাত অসম জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Aug 12, 2023, 1:55 PM IST

অসমক মৰুভূমি হোৱাৰ দিশে আগবঢ়াই দিছে ৰাজ্য চৰকাৰে ৷ বিভিন্ন দেশত বৰ্জন কৰা পাম খেতি এতিয়া কৰা হ’ব অসমত ৷ এই লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া ৷ তিনিচুকীয়াতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয় পৰিষদে ৷

ajp hold protest against palm oil plantation in assam
প্ৰতিবাদী কাৰ্যসূচী
প্ৰতিবাদী কাৰ্যসূচী

তিনিচুকীয়া, ১২ আগষ্ট : তৈল খেজুৰ (পাম অইল)ৰ খেতি কৰিবৰ বাবে অনুমোদন জনোৱা বিজেপি শাসিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী আৰু পৰিৱেশ বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত শুকুৰবাৰে তিনিচুকীয়া জিলাৰ ধলাত অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু অসম জাতীয় পৰিষদৰ ভাতৃ ভগ্নী সংগঠনৰ সহযোগত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

শদিয়া বিধানসভা সমষ্টিৰ ধলা গাঁও তিনিআলিত অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতি আৰু ভাতৃ-ভগ্নী সংগঠনৰ উদ্যোগত আৰু শদিয়া সমষ্টি সমিতিৰ সহযোগত এই কাৰ্যসূচী হাতত লয় । উক্ত প্ৰতিবাদৰ জৰিয়তে প্ৰতিবাদকাৰীয়ে চৰকাৰক সমালোচনা কৰি এডোখৰ থকা ঠাই বিচাৰি হাবাথুৰি খোৱা খিলঞ্জীয়াক গুৰুত্ব প্ৰদান নকৰি ৰামদেৱক মাটি গতাই দিবলৈ বিজেপি চৰকাৰে কোনো কুণ্ঠাবোধ কৰা নাই বুলি তাচ্ছিল্য কৰে ।

চৰকাৰক সমালোচনা কৰি তেওঁলোকে কয় বিভিন্ন উন্নয়নশীল দেশত বৰ্জন কৰা পাম অইল খেতিৰ দৰে এবিধ খেতি কৰিবলৈ বহিৰাগত প্ৰতিষ্ঠানক ৰাজ্য চৰকাৰে ৰঙা দলিছা পাৰি দিছে ৷ সকলোৱে জানে যে এজোপা পূৰঠ গছক প্ৰতিদিনে ৩০০ লিটাৰ পানী লাগে, যি সকলোতকৈ ভয়ানক ৷ এই খেতিৰ ফলত পানীৰ পৰিমাণ কমি যোৱাৰ লগতে কৃষিপ্ৰধান ঠাইত কৃষিৰ উৰ্বৰা শক্তি কমি যাব ৷ গতিকে অনতিপলমে ৰাজ্য, কেন্দ্ৰীয় চৰকাৰে জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি আহিব পৰা উক্ত তৈল খেজুৰৰ খেতি বন্ধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত আন্দোলন অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে । প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ ৰাজ্যিক সমিতি, জিলা সমিতি, সমষ্টি সমিতিৰ বিষয়ববীয়াৰ‌ লগতে শতাধিক স্থানীয় কৰ্মকতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Palm oil plantation in Assam: কেন্দ্ৰৰ সৰ্বনাশী সিদ্ধান্তক সাৰ্থকতা প্ৰদান কৰি মুখ্যমন্ত্রীয়ে ৰোপণ কৰিলে পাম অইলৰ গছপুলি; ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.