শদিয়া,23মাৰ্চ: মঙলবাৰে কাকপথাৰত অসম জাতীয় পৰিষদৰ এক বৃহৎ বাইক ৰেলী উলিওৱা হয় ৷ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদেও আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ শদিয়া সমষ্টিৰ কাকপথাৰত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জগদীশ ভূঞাৰ সৰ্মথনত উলিওৱা হয় এই বাইক ৰেলী ৷
কাকপথাৰ ৰাজহুৱা খেলপথাৰৰ পৰা কেইবাশ মটৰ চাইকেলে বিভিন্ন শ্লগানে পৰিৱেশ উত্তাল কৰি তোলে৷ অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক চন্দ্ৰপ্ৰসাদ আগৰৱালাই শুভাৰম্ভ কৰা সমদলটোৱে সমষ্টিটোৰ কাকপথাৰ, তালাপ, ধলা ইত্যাদি পৰিভ্ৰমণ কৰিব বুলি জানিবলৈ দিয়ে ৷
