মৰাণ,14 মাৰ্চঃ ডিব্ৰুগড় জিলাৰ ৭ টা বিধানসভা সমষ্টিৰ ভিতৰত নাহৰকটীয়া সমষ্টিত নিৰ্বাচনী যুঁজ বেছ আকৰ্ষণীয় হৈ উঠিছে । ৰাজ্যত অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত মিত্ৰতা আছে, যদিও নাহৰকটীয়াত দুয়োটা দলেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । ইতিমধ্যে দুই দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰিছে । কিন্তু শনিবাৰে বৰ্তমান অসম গণ পৰিষদৰ বিধায়ক নৰেন সোণোৱালৰ সংগ ত্যাগ কৰি বহু এজিপি কৰ্মীয়ে বিজেপিত যোগদান কৰে ।
ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তৰংগ গগৈৰ উপস্থিতিত অসম গণ পৰিষদৰ বৰবাম পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ হাজৰিকা, এজিপিৰ বৰবামৰ সভাপতি জিতু হাজৰিকা, এজিপিৰ আঞ্চলিক কাৰ্য নিৰ্বাহক সদস্য সুৰজিত গগৈৰ লগতে বৰবাম পঞ্চায়তৰ ১৮০ গৰাকী সদস্যই ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰে । মুঠৰ ওপৰত বিধায়ক নৰেন সোণোৱালৰ ভেটিত কঁপনি তুলিছে বিজেপি প্ৰাৰ্থী তৰংগ গগৈয়ে ।