ETV Bharat / state

পেঙেৰীত প্ৰধান শিক্ষকসহ ক্ষুদ্ৰ চাহ ব্যৱসায়ীক অপহৰণৰ চেষ্টা

author img

By

Published : Oct 18, 2019, 3:13 AM IST

পেঙেৰীত অস্ত্ৰধাৰী যুৱকৰ দলৰ দ্বাৰা পুনৰ অপহৰণৰ চেষ্টা । আৰক্ষীৰ তৎপৰতাত অপহৰণৰ পৰা কথমপি ৰক্ষা পৰিল প্ৰধান শিক্ষকসহ ক্ষুদ্ৰ চাহ ব্যৱসায়ী ।

পেঙেৰীত প্ৰধান শিক্ষকসহ ক্ষুদ্ৰ চাহ ব্যৱসায়ীক অপহৰণৰ চেষ্টা

তিনিচুকীয়া,17 অক্টোবৰঃ তালাপৰ শংকৰ চাহ বাগিছাৰ অপহৰণ কাণ্ডৰ এক সপ্তাহ পাৰ নহওঁতেই আন এক অপহৰণৰ চেষ্টাৰ ঘটনা পোহৰলৈ আহিছে । তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ডিব্ৰুজানৰ টেকেৰী নামচাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । টেকেৰী নামচাইৰ ক্ষুদ্ৰ চাহ খেতিয়ক দিফুল মৰাণৰ চাহ বাগিছাৰ চাহ শ্ৰমিক মাংৰা মুড়াক প্ৰথমে মুখত কলা কাপোৰ বান্ধি অহা দুজনীয়া অস্ত্ৰধাৰী যুৱকে ক্ষুদ্ৰ চাহ বাগিচাখনৰ মালিক আৰু ওচৰতে বাস কৰা টেকেৰী ২ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাতুল বৰুৱাক মাতিবলৈ নিৰ্দেশ দিয়ে । চাহ শ্ৰমিকজনে প্ৰথমে অমান্তি হৈছিল যদিও পাছত অস্ত্ৰধাৰী যুৱকৰ দলটোৱে ভয় ভাবুকি দিয়াত মালিক দিফুল মৰাণৰ ঘৰলৈ সোমাই গৈ সকলো কথা বিৱৰি কোৱাত দিফুল মৰাণে ঘৰৰ ভিতৰৰ পৰাই আৰক্ষীলৈ ফোন যোগে ঘটনাটো অৱগত কৰে । লগে-লগে সেনা আৰক্ষীৰ দল এটাই টেকেৰী নামচাইত উপস্থিত হৈ ঘৰটো চাৰিওফালৰ পৰা ঘেৰি অভিযান চলাই যদিও আৰক্ষী অহাৰ উমান পাই অস্ত্ৰধাৰী যুৱকৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ঘটনাক লৈ বৰ্তমানেও সমগ্ৰ টেকেৰী নামচাই অঞ্চলত এক চেপা উত্তেজনা বিৰাজ কৰিছে । শ্ৰমিকগৰাকীয়ে উল্লেখ কৰা অনুসৰি হাতত অস্ত্ৰ লৈ অহা যুৱকৰ দলটোৱে ক্ষুদ্ৰ চাহ খেতিয়ক দিফুল মৰাণৰ লগতে টেকেৰীৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাতুল বৰুৱাক মাতি দিবলৈ কয় । নামাতিলে অস্ত্ৰধাৰী যুৱকৰ দলটোৱে গুলীয়াই দিয়াৰ ভাবুকি দিয়ে শ্ৰমিকজনক । বৰ্তমানলৈকে অস্ত্ৰধাৰী যুৱকৰ দলটো কোনো উগ্ৰপন্থী সংগঠনৰ হয় নে নহয় সেই কথা স্পষ্ট হোৱা নাই । বৰ্তমানেও পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ডিব্ৰুজানৰ টেকেৰী নামচাইত সেনা-আৰক্ষীয়ে অস্ত্ৰধাৰী দলটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । তালাপৰ শংকৰ চাহ বাগিছাৰ ঘটনাৰ ৬ দিন পাছতেই পেঙেৰীত সংঘটিত হোৱা এই ঘটনাই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

পেঙেৰীত অস্ত্ৰধাৰী যুৱকৰ দলৰ দ্বাৰা পুনৰ অপহৰণৰ চেষ্টা

আৰু পঢ়ক

Intro:Date: 17-10-2019

Slug: পেঙেৰীত অস্ত্ৰধাৰী যুৱকৰ দলৰ দ্বাৰা পুনৰ অপহৰণৰ চেষ্টা ।

:আৰক্ষীৰ তৎপৰতাত অপহৰণৰ পৰা কথমপি ৰক্ষা পৰিল প্ৰধান শিক্ষক সহ ক্ষুদ্ৰ চাহ ব্যৱসায়ী ।

V/O: তালাপৰ শংকৰ চাহ বাগিছাৰ অপহৰণ কাণ্ডৰ এক সপ্তাহ পাৰ নহওতেই আন এক অপহৰণৰ চেষ্টাৰ ঘটনা পোহৰলৈ আহিছে । তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ডিব্ৰুজানৰ টেকেৰী নামচাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । টেকেৰী নামচাইৰ ক্ষুদ্ৰ চাহ খেতিয়ক দিফুল মৰাণৰ চাহ বাগিছাৰ চাহ শ্ৰমিক মাংৰা মুড়াক প্ৰথমে মুখত কলা কাপোৰ বান্ধি অহা দুজনীয়া অস্ত্ৰধাৰী যুৱকে ক্ষুদ্ৰ চাহ বাগিচা খনৰ মালিক আৰু ওচৰতে বাস কৰা টেকেৰী ২ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাতুল বৰুৱাক মাতিবলৈ নিৰ্দেশ দিয়ে । চাহ শ্ৰমিকজনে প্ৰথমে অমান্তি হৈছিল যদিও পাছত অস্ত্ৰধাৰী যুৱকৰ দলটোৱে ভয় ভাবুকি দিয়াত মালিক (দিফুল মৰাণ)ৰ ঘৰলৈ সোমাই গৈ সকলো কথা বিৱৰি কোৱাত দিফুল মৰাণে ঘৰৰ ভিতৰৰ পৰাই আৰক্ষীলৈ ফোন যোগে ঘটনাটো জনাই । লগে-লগে সেনা আৰক্ষীৰ বৃহত দল এটা টেকেৰী নামচাইত উপস্থিত হৈ ঘৰটো চাৰিওফালৰ পৰা ঘেৰি অভিযান চলাই যদিও আৰক্ষী অহাৰ উমান পাই অস্ত্ৰধাৰী যুৱকৰ দলটো পলায়ন কৰে ।

ঘটনাক লৈ বৰ্তমানেও সমগ্ৰ টেকেৰী নামচাই অঞ্চলত এক চেপা উত্তেজনা বিৰাজ কৰিছে ।

শ্ৰমিকগৰাকীয়ে উল্লেখ কৰা অনুহৰী, হাতত অস্ত্ৰ লৈ অহা যুৱকৰ দলটোৱে ক্ষুদ্ৰ চাহ খেতিয়ক দিফুল মৰাণৰ লগতে টেকেৰীৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাতুল বৰুৱা (ক্ষুদ্ৰ চাহ খেতিয়ক দিফুল মৰাণৰ সম্বন্ধীয় জোঁৱাই)ক মাতি দিবলৈ ক'য় । নামাতিলে অস্ত্ৰধাৰী যুৱকৰ দলটোৱে গুলিয়াই দিয়াৰ ভাবুকি দিয়ে শ্ৰমিকজনক ।

বৰ্তমানলৈকে অস্ত্ৰধাৰী যুৱকৰ দলটো কোনো উগ্ৰপন্থী সংগঠনৰ হ'য় নে অন্য কোন হ'য় সেই কথা স্পষ্ট হোৱা নাই ।

বৰ্তমানেও পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ডিব্ৰুজানৰ টেকেৰী নামচাইত সেনা-আৰক্ষীয়ে অস্ত্ৰধাৰী দলটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।

তালাপৰ শংকৰ চাহ বাগিছাৰ ঘটনাৰ ৬ দিন পাছতেই পেঙেৰীত সংঘটিত হোৱা এই ঘটনাই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 17-10-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:
#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.