ETV Bharat / state

ETV Bharat Impact: তিনিচুকীয়া জিলা প্ৰশাসনে তলা লগালে লালিগুৰৰ গুদামত

author img

By

Published : Jan 27, 2022, 10:16 PM IST

ইটিভি ভাৰতৰ বাতৰিৰ পিছতে তিনিচুকীয়াৰ লালীগুৰৰ গুদামত লাগিল তলা (Laligur godown at Tinsukia) ৷ তিনিচুকীয়াৰ চাইডিং বজাৰত একাংশ ব্যৱসায়ীয়ে চলাই নিছিল নিষিদ্ধ লালিগুৰৰ ৰমৰমীয়া বেহা । বৃহস্পতিবাৰে এই সম্পৰ্কত ইটিভি ভাৰতত সবিস্তাৰে প্ৰকাশ পাইছিল বাতৰি ৷

ETV Bharat Impact
তিনিচুকীয়া জিলা প্ৰশাসনে তলা লগালে লালিগুৰৰ গুদামত

তিনিচুকীয়া, 27 জানুৱাৰী: ৭৩ তম গণৰাজ্য দিৱসৰ মাজতে বাণিজ্যিক চহৰ তিনিচুকীয়াৰ চাইডিং বজাৰত একাংশ ব্যৱসায়ীয়ে চলাই নিছিল নিষিদ্ধ লালিগুৰৰ ৰমৰমীয়া বেহা (Illegal laligur trading) । বৰবিহৰূপে পৰিগণিত হোৱা লালিগুৰৰ কাৰণে ৰাজ্যৰ বিভিন্ন ঠাইত বহু লোকৰ মৃত্যুৰ বাতৰিয়ে শিৰোনাম দখল কৰি আহিছে (Death of people post consuming laligur) । যাৰ বাবে জিলা প্ৰশাসনসমূহে লালিগুৰ কিনা-বেচা আৰু মজুত ৰখাক লৈ নিষেধাজ্ঞা জাৰি কৰিছিল ।

কিন্তু আশ্চৰ্যকৰ বিষয় যে, প্ৰশাসনৰ নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই তিনিচুকীয়াৰ জনৈক উমা শংকৰ নামৰ এজন ব্যৱসায়ীয়ে নিৰ্ভীকমনে চলাই আছিল লালিগুৰৰ ৰমৰমীয়া বেহা । যিটো বাতৰি যোৱা কালি ইটিভি ভাৰতত সবিস্তাৰে প্ৰকাশ পাইছিল । বাতৰি প্ৰকাশ পোৱাৰ পিছতে বৃহস্পতিবাৰে সমগ্ৰ বিষয়টোৰ সম্বন্ধে তিনিচুকীয়াৰ জিলা প্ৰশাসন অবগত হয় । তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা বিষয়টো পৰ্যবেক্ষণৰ বাবে কাৰ্যবাহী দণ্ডাধীশ নিলোৰম শৰ্মাক দায়িত্ব দিয়ে ।

বৃহস্পতিবাৰে, দিনৰ ভাগত ঘটনাস্থলীত কাৰ্যবাহী দণ্ডাধীশ নিলোৰম শৰ্মাৰ লগতে খাদ্য সুৰক্ষা বিভাগৰ বিষয়া উপস্থিত হৈ লালিগুৰৰ গুদাম(Laligur godown at Tinsukia)কেইটা পৰ্যবেক্ষণ কৰি নথি-পত্ৰ পৰীক্ষা কৰে ৷ সন্দেহযুক্ত লালিগুৰৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে গোদাম কেইটাত তলা লগাই ছিল কৰে ।

লগতে পঢ়ক: Drugs seized at Lakhimpur : লখিমপুৰত মহিলাৰ দেহৰ পৰা ওলাল ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.