তিনিচুকীয়া,15 জানুৱাৰী: তিনিচুকীয়া জিলাৰ বৃহত্তৰ লাইকা-দধিয়াবাসীয়ে বিগত বৰ্ষৰ ২১ ডিচেম্বৰৰ পৰা পুনৰ সংস্থাপন আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান ৰূপে গঢ়ি তোলাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ টিএমপিকে,এমএমকে আৰু টিএমএমকে তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ জানমুখ লেজাইহুলাৰ এডোখৰ চৰকাৰী ভূমিত অস্থায়ী শিবিৰ পাতি অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট অব্যাহত ৰাখিছে ৷
তিনিচুকীয়াৰ লাইকা দধিয়াবাসীৰ কাষত শুকুৰবাৰে উপস্থিত হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈ। প্ৰতিবাদস্থলীত উপস্থিত হৈ অধিবক্তাগৰাকীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি লাইকা-দধিয়াবাসীক অতিশীঘ্ৰে পুনৰ সংস্থাপনৰ দাবী জনায় ৷
লগতে পঢ়ক: শনিবাৰৰ পৰা অসমৰ ৬৫ স্থানত আৰম্ভ হ'ব ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী