ETV Bharat / state

Press Meet of AASTFA :অৰুণাচলৰ অবৈধ কেঁচা চাহপাত তিনিচুকীয়াত নিষিদ্ধ কৰাৰ দাবী - AASTFA demand for implement Law

তিনিচুকীয়া জিলাৰ পাঁচগৰাকী বিধায়কৰ নিজ সমষ্টিৰ চাহ খেতিয়কৰ প্ৰতি দায়বদ্ধতা নাই বুলি ক্ষোভ প্ৰকাশ সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ । উল্লেখ্য় যে তিনিচুকীয়া জিলাৰ ৫৬,০০০ চাহ খেতিয়কে ৩,৮২,০০০ মাটিত চাহ খেতি কৰি আছে ।

AASTFA demand for implement Law
অবৈধ কেঁচা চাহপাত প্ৰৱেশ নিষিদ্ধ আইন প্ৰস্তুতৰ দাবী
author img

By

Published : Aug 16, 2023, 8:13 PM IST

অবৈধ কেঁচা চাহপাত প্ৰৱেশ নিষিদ্ধ আইন প্ৰস্তুতৰ দাবী

তিনিচুকীয়া, ১৬ আগষ্ট:তিনিচুকীয়া প্ৰেছ ক্লাৱত বুধবাৰে সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰে । এই সংবাদমেলৰ জৰিয়তে তিনিচুকীয়া জিলাত চাহ খেতিয়ক জীয়াই থকাৰ স্বাৰ্থত অৰুণাচল প্ৰদেশৰ অবৈধ কেঁচা চাহপাত তিনিচুকীয়া জিলাত প্ৰৱেশ নিষিদ্ধ আইন প্ৰস্তুত কৰাৰ দাবী উত্থাপন কৰে ৷ কিয়নো তিনিচুকীয়া জিলাৰ ৫৬,০০০ চাহ খেতিয়কে ৩,৮২,০০০ মাটিত চাহ খেতিৰ যোগেদি ১১,৮০,০০০ লোক জীয়াই ৰাখিছে ।

সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে উল্লেখ কৰে দশক দশক ধৰি প্ৰকাশ কৰি অহা উদ্বেগ আৰু প্ৰতিবাদক নেওচা দি পুঁজিপতি বটলিফ ফেক্টৰী সমূহে চাহ খেতিয়কক টেটু চেপা কাৰ্যক চৰকাৰী পক্ষই আজি পৰ্যন্ত নিৰৱে সমৰ্থন কৰি আহিছে । বিশেষকৈ তিনিচুকীয়া জিলাৰ পাঁচগৰাকী বিধায়কৰ নিজ সমষ্টিৰ চাহ খেতিয়কৰ প্ৰতি দায়বদ্ধতা নাই নেকি বুলি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে ।

সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াসকলে চাহ খেতিয়কৰ কেঁচা পাতৰ মাধ্যমেদি ৰাজ্যৰ ৰাজকোষ টনকীয়াল কৰা খেতিয়কৰ প্ৰতি অসম চৰকাৰৰ দায়বদ্ধতা নাই নেকি বুলি ক্ষোভ প্ৰকাশ কৰে । তিনিচুকীয়া জিলাত এক কিলোগ্ৰাম কেঁচা চাহপাতৰ উৎপাদন মূল্য ২৪.৩৫ টকা । ইয়াৰ বিপৰীতে চলিত বছৰত প্ৰতি কেজি কেঁচা চাহপাতৰ মূল্য ১৩ টকাৰ পৰা ১৬ দিছে । উৎপাদন খৰচো কৃষকে পোৱা নাই ।

ইয়াৰ মূল কাৰণ হিচাপে অৰুণাচল প্ৰদেশৰ পৰা অহা চোৰাংকৈ অহা কেঁচা চাহপাতক মূল কাৰণ হিচাপে সন্থাই চিহ্নিত কৰিছে । গতিকে অসম চৰকাৰে তিনিচুকীয়া জিলাৰ চাহ কৃষক জীয়াই থকাৰ স্বাৰ্থত অৰুণাচল প্ৰদেশৰ কেঁচা চাহপত প্ৰৱেশ বন্ধৰ বাবে এখন আইন প্ৰস্তুত কৰিবলৈ দাবী জনায় । চৰকাৰে কৃষকৰ দাবী মানি নল'লে নিৰ্বাচনৰ সময়ত তিনিচুকীয়া জিলাৰ ১১,৮০,০০০ চাহ কৃষকে ভোট যুদ্ধৰ বাবে সাজু থাকিব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক:Tea workers wage: প্ৰাপ্য মজুৰিৰৰ পৰা বঞ্চিত অসমৰ ১১ লাখ চাহ শ্ৰমিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.