ETV Bharat / state

ডুমডুমাত বিধায়ক দুৰ্গা ভূমিজ, সঞ্জয় কিষাণ আৰু সুৰেন ফুকনৰ প্ৰতিমূৰ্ত্তি দাহ

author img

By

Published : Sep 19, 2020, 1:29 PM IST

ডুমডুমাত আছাই দাহ কৰিলে বিধায়ক দুৰ্গা ভূমিজ, সঞ্জয় কিষাণ আৰু সুৰেন ফুকনৰ প্ৰতিমূৰ্ত্তি ৷ জনজাতিকৰণ, মজুৰি বৃদ্ধি আৰু চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদানৰ দাবীত আছাৰ প্ৰতিবাদ সাব্যস্ত ৷ প্ৰতিবাদকাৰীৰ অভিযোগ কেৱল নিৰ্বাচনৰ প্ৰাকমূহুৰ্ততহে তেওঁলোকক মনত পেলাই এইসকল জনপ্ৰতিনিধিয়ে ৷

ডুমডুমাত বিধায়ক দুৰ্গা ভূমিজ, সঞ্জয় কিষাণ আৰু সুৰেন ফুকনৰ প্ৰতিমূৰ্ত্তি দাহ
ডুমডুমাত বিধায়ক দুৰ্গা ভূমিজ, সঞ্জয় কিষাণ আৰু সুৰেন ফুকনৰ প্ৰতিমূৰ্ত্তি দাহ

তিনিচুকীয়া, 19 চেপ্তেম্বৰ: বিধায়ক দুৰ্গা ভূমিজ, সঞ্জয় কিষাণৰ লগতে সুৰেন ফুকনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৷ শনিবাৰে ডুমডুমাৰ বাইপাছত আছাৰ কৰ্মকৰ্তাসকলে তিনিও গৰাকী বিধায়কৰ প্ৰতিমূৰ্তি দাহ কৰি তেওঁলোকৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ জনজাতিকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি আৰু চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদানৰ দাবীত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰী সকলে প্ৰতিবাদথলী উত্তাল কৰি তোলে ৷

প্ৰতিবাদকাৰী সকলৰ অভিযোগ কেৱল নিৰ্বাচনৰ প্ৰাকমূহুৰ্ততহে তেওঁলোকক মনত পেলাই এইসকল জনপ্ৰতিনিধিয়ে ৷ আছাৰ নেতাসকলৰ অভিযোগ নিৰ্বাচনী অংক মিলাবৰ বাবে ভোট বিচাৰি অহা এইসকল জনপ্ৰতিনিধিয়ে সদনত চাহ শ্ৰমিক সকলৰ সমস্যাক লৈ কোনো পদক্ষেপ লোৱা আজিলৈকে দৃষ্টিগোচৰ হোৱা নাই ৷ অৱশেষত অসমৰ আদিবাসী লোকসকলৰ প্ৰতি গুৰুত্বহীনতাৰ অভিযোগ তুলি ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজ, তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে সংগঠনটো ক্ষোভত ফাটি পৰে ৷ চাহ শ্ৰমিকৰ সমস্যাক আওকাণ কৰি পুনৰ নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহিলে আদিবাসী লোকসকলৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হব বুলিও সংগঠনটোৱে সকীয়াই দিয়ে ৷

লগতে পঢ়ক: বাঘজানৰ ক্ষতিপূৰণৰ প্রাপ্য অধিকাৰ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.