তিনিচুকীয়া,১১ জানুৱাৰী: আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য হিচাপে লৈ অসমত আম আদমী পাৰ্টীয়ে (Aam Aadmi Party) তৎপৰতা আৰম্ভ কৰিছে । এই উদ্দেশ্য়ে ৰাজ্য়খনৰ বিভিন্ন ঠাইত যোগদান কাৰ্যসূচী তীব্ৰতৰ কৰি তুলিছে । এতিয়া অসমৰ প্ৰতিখন জিলাতেই দলীয় সাংগঠিনক ভেঁটি শক্তিশালী কৰাৰ বাবে তৎপৰতাৰে কাম কৰিছে আপৰ নেতাসকলে । ইয়াৰে অংশৰূপে মঙলবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈত আয়োজন কৰা হয় আপৰ এক যোগদান কাৰ্যসূচী (AAP Joining programme in Digboi) ৷
জিলাখনৰ ডিগবৈ বিধানসভা সমষ্টিৰ বৰবিল পঞ্চায়ত আৰু হাপজানৰ এক দলীয় অনুষ্ঠানত সমষ্টিটোৰ অন্তৰ্গত শতাধিক যুৱক-যুৱতীয়ে আম আদমী পাৰ্টীত যোগদান কৰে । বৰ্তমানৰ পৰিস্থিতিত অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীৰ আদৰ্শ আৰু কাৰ্যাৱলীৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদান কৰা বুলি উল্লেখ কৰে যোগদানকাৰীসকলে (AAP Joining programme at Tinsukia) ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি আম আদমী পাৰ্টীৰ ৰাজ্যিক যুটীয়া সমন্বয়ক মনোজ ধানোৱাৰে কয়," এতিয়া বিজেপি মানে বুলড'জাৰ জনতা পাৰ্টী, ভাৰতীয় জনতা পাৰ্টী নহয় ।" আম আদমী পাৰ্টীৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে পুনৰ কয় যে বিজেপিৰ লগত সামান্য মতবিৰোধ হ'লেই উচ্ছেদৰ নামত যিকোনো বাসগৃহৰ ওপৰত নিজ ইচ্ছাৰে বুলড'জাৰ চলাই দিয়ে । বুলড'জাৰ চলাই ৰাজ্যত গণতন্ত্ৰ নিঃশেষ কৰিব বিজেপিয়ে ।
তেওঁ পুনৰ কয় যে কিছুদিনৰ পূৰ্বে ডিগবৈৰ নাজিৰাটিঙত ১৯৮০ চনৰ পৰা বাস কৰি থকাৰ পাছতো কানহাইয়া যাদৱৰ বাসগৃহত বিধায়কগৰাকীৰ উপস্থিতিত বুলড'জাৰ চলাই ৷ এয়া গ্ৰহণযোগ্য নহয়, কিয়নো উচ্ছেদৰ পূৰ্বে যাদৱক কোনো জাননী প্ৰদান কৰা নাছিল ৷ এই যোগদান সভাতে কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ স'তে আম আদমী পাৰ্টীৰ মিত্ৰতাৰ সন্দৰ্ভত মনোজ ধানোৱাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মিত্ৰতা সন্দৰ্ভত এতিয়ালৈকে কোনো দলৰ লগত আপে আলোচনা কৰা নাই । এই সন্দৰ্ভত শীৰ্ষ নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেওঁ মন্তব্য় কৰে ।
আগন্তুক পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টীয়ে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু ইতিমধ্যেই আপ সাজু হৈছে বুলি ৰাজ্যিক সমন্বয়কগৰাকীয়ে (Panchayat elections)কয় ৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টীয়ে ভাল ফলাফল দেখুৱাব বুলিও তেওঁ আশা ব্য়ক্ত কৰে । তেওঁ পুনৰ কয় যে বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত বিজেপিৰ বিৰুদ্ধে আম আদমী পাৰ্টীয়ে এক শক্তিশালী বিৰোধী দল হিচাপে লাহে লাহে প্ৰতিষ্ঠিত হ'বলৈ ধৰিছে ৷
লগতে পঢ়ক:MLA Rama Kanta Dewri : মুছলমানসকলে খেতি কৰি আছে, আমাৰসকলে নাচ-গান কৰি আছে: ৰমাকান্ত দেউৰী