ETV Bharat / state

তিনিচুকীয়াৰ ককৰাতলিত চীপ লৈ আত্মহত্যা এজনৰ - চিপজৰী লৈ আত্মহত্যা

তিনিচুকীয়া জিলাৰ ককৰাতলিত চীপ লোৱা অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ ৷ মৃত লোকজন ককৰাতলিৰ বিজু দেৱনাথ বুলি জানিব পৰা গৈছে ৷

a-man-found-hang-in-tinsukia
তিনিচুকীয়াৰ ককৰাতলিত চীপ লৈ আত্মহত্যা এজনৰ
author img

By

Published : May 11, 2021, 9:49 PM IST

শদিয়া,11 মে’: তিনিচুকীয়া জিলাৰ তালাপৰ আৰক্ষী চকীৰ অন্তৰ্গত ককৰাতলিত মঙলবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা ৷ নিজ বাসগৃহত চীপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে বিজু দেৱনাথ নামৰ 34 বছৰীয়া এজন লোকৰ মৃতদেহ ৷ মঙলবাৰে পুৱা পৰিয়ালৰ লোকে চিকিৎসালয়ত কৰ’ণাৰ প্ৰতিষেধক ল’বলৈ যোৱাৰ পাছত কোঠাৰ দুৱাৰত চিপজৰী লৈ আত্মহত্যা কৰে যুৱকজনে ৷

ওচৰ-চুবুৰীয়াৰ শিশুৱে উক্ত ঠাইত খেলিবলৈ আহি মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত তালাপ আৰক্ষীক খবৰ দিয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত অবাহত ৰাখিছে ৷

লগতে পঢ়ক: শপত গ্ৰহণৰ বাবে অনুমতি লাভ অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.