ETV Bharat / state

বাঘজানৰ জুই নিৰ্বাপনৰ বাবে অনা নাই কোনো তান্ত্ৰিকঃ স্পষ্ট কৰিলে অইল ইণ্ডিয়াই

author img

By

Published : Sep 5, 2020, 8:19 PM IST

১০০ তকৈ অধিক দিন অতিক্ৰম কৰিলে বাঘজান কাণ্ডই ৷ কিন্তু এতিয়াও জুই নিৰ্বাপনত অপাৰগ কৰ্তপক্ষ ৷ তাৰ মাজতে ওলোৱা এক উৰা বাতৰিয়ে ৰাজ্যজুৰি তোলপাৰ লগাই থকাৰ সময়তে, সেই বিষয়ে স্পষ্টীকৰণ প্ৰদান কৰিলে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ৷

উৰা বাতৰি
উৰা বাতৰি

তিনিচুকীয়া, 5 চেপ্তেম্বৰ: বাঘজানৰ জুই নিৰ্বাপনৰ বাবে অনা হোৱা নাই কোনো তান্ত্ৰিক । এই বিষয়ে স্পষ্ট কৰিলে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ৷ অইল ইণ্ডিয়াৰ বিভাগীয় ফেচবুক পেজযোগে এই বিষয়ে সদৰি কৰে কৰ্তৃপক্ষই ৷

তেওঁলোকে উল্লেখ কৰা অনুসৰি, অইল ইণ্ডিয়াই উত্তৰ প্ৰদেশৰ পৰা তান্ত্ৰিক আনি বাঘজানৰ জুই নিৰ্বাপনৰ চেষ্টা চলোৱা বুলি একাংশই প্ৰচাৰ কৰা সংবাদ সম্পূৰ্ণ মিছা ৷ অইল কৰ্তৃপক্ষৰ বদনাম কৰিবলৈ ওলোৱা এই বাতৰি সম্পূৰ্ণ মিছা ৷ বাঘজানৰ জুই নিৰ্বাপন কৰিবলৈ বিশেষজ্ঞ সকলে এতিয়াও অহৰহ প্ৰচেষ্টা চলাই আছে বুলি তেওঁলোকে ফেচবুকযোগে উল্লেখ কৰে ৷

লগতে পঢ়ক: ৰাজ্যৰ বাবে সুখবৰ : স্থায়ী সমাধান হ'ব গৰাখহনীয়াৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.