ডুমডুমা, 11 ফেব্ৰুৱাৰী: ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত জাতি মৰ্চাৰ অসম প্ৰদেশৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা সমিতিৰ সহযোগত বুধবাৰে ডুমডুমাত এক দলীয় যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ ডুমডুমাৰ মাৰোৱাৰী পঞ্চায়তী ভৱনত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত প্ৰায় দুই শতাধিক লোকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে ।
উল্লেখ্য যে, যোগদান কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মৰাণ উপস্থিত থাকি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, অচিৰেই কেইবাগৰাকীও বিয়াগোম কংগ্ৰেছ নেতাই বিজেপি দলত যোগদান কৰিব । ইতিমধ্যে তেওঁলোকৰ কথা-বতৰা হৈ আছে । ডুমডুমা সমষ্টিত কংগ্ৰেছ দলক এইবাৰ এটা ''Zero'' বনাবলৈ চেষ্টা কৰা হৈছে ৷
লগতে পঢ়ক: বিজেপিৰ ৰথ যাত্ৰা বনাম কংগ্ৰেছৰ বাছ যাত্ৰা