ETV Bharat / state

5th DC Conference:তিনিদিনীয়া পঞ্চম জিলা উপায়ুক্ত সন্মিলনৰ সফল সামৰণি - তিনিদিনীয়া পঞ্চম জিলা উপায়ুক্ত সন্মিলন

তিনিচুকীয়াত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা পঞ্চম জিলা উপায়ুক্ত সন্মিলনৰ সামৰণি পৰে ৷ এই সন্মিলনত ৰাজ্যখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন দিশত আলোচনা কৰা হয় (5th DC Conference in Tinsukia) ৷

5th District Collectors' Conference
পঞ্চম জিলা উপায়ুক্ত সন্মিলন
author img

By

Published : May 18, 2023, 10:40 AM IST

তিনিচুকীয়া, ১৮ মে’: তিনিচুকীয়া জিলাত অনুষ্ঠিত হোৱা পঞ্চম জিলা উপায়ুক্ত সন্মিলনৰ বুধবাৰে মাজনিশা সামৰণি পৰে । বিগত দুটা দিনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সন্মিলনত কেবিনেট মন্ত্ৰীসকল, মুখ্য সচিব আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত জিলা উপায়ুক্তসকলৰ সৈতে প্ৰায় ৩২ ঘন্টা আলোচনাত মিলিত হৈ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে (Assam CM attends dc conference in Tinsukia) । আলোচনাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সকলো জিলাৰ আয়ুক্তৰ কাৰ্যালয়, সঞ্চালকালয়, উপায়ুক্ত কাৰ্যালয়ক সামৰি পুৰণি ফাইলসমূহৰ ক্ষিপ্ৰ নিষ্পত্তিৰ দিশত অসম চৰকাৰৰ এক অভিলাষী পদক্ষেপ ‘মিছন সদ্ভাৱনা’ৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে ৷

২০২২ চনৰ ১ ফেব্ৰুৱাৰীত আৰম্ভ কৰা মিছন সদ্ভাৱনাৰ অধীনত লাভ কৰা সকলোবোৰ আবেদন সময় নিৰ্ধাৰিতভাৱে নিষ্পত্তি কৰা হৈছিল । ২০২২ চনৰ ৫ আগষ্টৰ লোক কল্যাণ দিৱসত প্ৰথম পৰ্যায়ৰ মিছন সদ্ভাৱনা সফলতাৰে সামৰণি পৰিছিল । দ্বিতীয় পৰ্যায়ত 'মিছন সদ্ভাৱনা'ৰ অধীনত ৩১টা উপায়ুক্তৰ কাৰ্যালয়, ৭৪ টা সঞ্চালকালয় / আয়ুক্ত কাৰ্যালয়ক সামৰি লোৱা হ’ব ৷ এই ব্যৱস্থাৰ অধীনত জনসাধাৰণে প'ৰ্টেলৰ জৰিয়তে অনলাইন মাধ্যমেৰে ফাইল নিষ্পত্তিৰ অগ্ৰগতি নিৰীক্ষণ কৰিব পাৰিব ৷ ৰাজহুৱা সেৱা কেন্দ্ৰসমূহৰ যোগেদি সেৱা গ্ৰহণ উপলব্ধ হ’বলগীয়া এই প্ৰকল্পই পুৰণি ফাইলৰ কামসমূহ সমাধান কৰি সাম্প্ৰতিক বিষয়সমূহৰ দিশত গুৰুত্ব প্ৰদানৰ সুযোগ সৃষ্টি কৰিব ৷ 'মিছন সদ্ভাৱনা'ৰ দ্বিতীয় পৰ্যায়ৰ জৰিয়তে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাই গতি লাভ কৰাৰ লগতে জনসাধাৰণে সকাহ পাবলৈ সক্ষম হ'ব ।

সমান্তৰালভাৱে সন্মিলনত ৰাজ্যৰ প্ৰশাসনক কিদৰে বিকেন্দ্ৰীকৰণ কৰিব পৰা যায় সেই সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰাৰ লগতে জিলা উপায়ুক্তসকলক জিলাসমূহৰ কেন্দ্ৰবিন্দু হিচাপে লৈ সমগ্ৰ প্ৰশাসন ব্যৱস্থাটোক নতুন ৰূপত সজোৱাৰ প্ৰচেষ্টা গ্ৰহণ কৰে (5th DC Conference in Tinsukia) । জিলা উপায়ুক্ত সন্মিলনত হোৱা প্ৰাৰম্ভিক আলোচনা মতে অসমৰ মাণ্ডলিক আয়ুক্তসকলৰ কাৰ্যালয়ৰ বিলুপ্তি ঘটি ৰাজ্য চৰকাৰ তথা জিলা উপায়ুক্তসকলৰ মাজত এক সুচল ব্যৱস্থা বিকশিত কৰা হ'ব ৷

মুখ্যমন্ত্ৰীৰ উপস্থিতিত জিলা উপায়ুক্তসকলক জিলা আয়ুক্ত হিচাপে নতুনকৈ নামকৰণ কৰা আৰু মহকুমাসমূহক উন্নীত কৰি প্ৰতিটো সমষ্টিত এখন উপ-জিলা গঠন কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই জিলা উপায়ুক্ত সন্মিলনতে অৰুণোদয় আঁচনি, জল জীৱন মিছন তথা বিভিন্ন কাৰ্যসূচীসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত কেতবোৰ কথা বিশেষভাৱে আলোচনা কৰা হয় । মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্ত সন্মিলনত হোৱা এই আলোচনাসমূহৰ সুফল জিলাসমূহত আগন্তুক সময়ত প্ৰতিফলিত হোৱাৰ লগতে প্ৰশাসনিক ব্যৱস্থা অধিক সুদৃঢ় হৈ ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত নৱৰূপ প্ৰদান কৰিবলৈ সক্ষম হ'ব বুলি আশা ব্যক্ত কৰে ।

লগতে পঢ়ক : Bhupen Bora at Silchar: কৰ্ণাটক দখল কৰাৰ পিছত অসমতো শক্তিশালী হৈ উঠিছে কংগ্ৰেছ; ভূপেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.