শদিয়া,5মে': মৰাণ জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন মৰাণ ছাত্ৰ সন্থাৰ ৫৩ সংখ্যক প্ৰতিষ্ঠা দিৱস বুধবাৰে কাকপথাৰত অনুষ্ঠিত কৰা হয় ৷ ৰাজ্যত চলি থকা ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পতাকা উত্তোলন, স্মৃতি তৰ্পনৰে কাৰ্যসূচীৰ সামৰণি মাৰে সংগঠনটোৱে ৷
কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত কাকপথাৰ তিনিআলিস্থিত স্থায়ী কাৰ্যালয়ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা কাৰ্যসূচীত কাকপথাৰ প্ৰেছ ক্লাব, ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ আৰু মৰাণ মহিলা পৰিষদৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিডৰ ভয়াবহ পৰিস্থিতি !