ETV Bharat / state

Statue of Zubeen Garg: ডিগবৈত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন কৰিলে শিল্পী জুবিন গাৰ্গে - জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন

ডিগবৈত উন্মোচন জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি (Statue of Zubeen Garg unveiled in Digboi) ৷ সোমবাৰে নিজৰ প্ৰতিমূৰ্তি নিজ হাতেৰেই উন্মোচন কৰিলে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে ৷ নাজিৰাটিং তামুলী পর্যটন উৎসৱৰ লগত সংগতি ৰাখি ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ তৎপৰতাত নিৰ্মাণ কৰি উলিৱাইছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো ৷

Zubeen Garg unveils statue of him in Digboi Tinsukia
ডিগবৈত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন
author img

By

Published : Jan 3, 2023, 9:50 AM IST

ডিগবৈত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন

তিনিচুকীয়া,3 জানুৱাৰী: ডিগবৈৰ নাজিৰাটিঙত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন (Statue of Zubeen Garg) ৷ সোমবাৰে নিজৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে খোদ জুবিন গাৰ্গে (Statue of Zubeen Garg unveiled) ৷ তিনিচুকীয়া জিলাৰ ডিগবৈ নাজিৰাটিঙৰ ডিব্ৰু নৈৰ পাৰৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত নিৰ্মাণ কৰা শিল্পীগৰাকীৰ ২০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰিলে জুবিন গাৰ্গে ৷

উল্লেখ্য যে 1, 2 আৰু 3 জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে তৃতীয় বাৰ্ষিক নাজিৰাটিং তামুলী পর্যটন উৎসৱ (Nazirating Tourism Festival)। গ্ৰাম্য অৰ্থনীতিক সৱল কৰাৰ উদ্দেশ্যেৰে ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ তৎপৰতাত থলুৱা খাদ্য সামগ্ৰীৰ বিপণীৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে এই পর্যটন উৎসৱত ৷

পর্যটন উৎসৱৰ লগত সংগতি ৰাখি ইয়াতে নিৰ্মাণ কৰি উলিওৱা হৈছে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি (Zubeen Garg unveils statue of him) ৷ উল্লেখ্য যে, ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ তৎপৰতাত অসমৰ ভিতৰতেই জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে (Digboi MLA Suren Phukan) ।

ডিগবৈৰ পাৰ্শ্বৱৰ্তী অঞ্চল নাজিৰাটিং তামুলী বনগাঁৱৰ কাষতে লাগি থকা ডিব্ৰু নৈৰ পাৰত অনুষ্ঠিত কৰা হৈছে উৎসৱখনি । উৎসৱ উপলক্ষ্যে বনভোজস্থলীৰূপে খ্যাত নাজিৰাটিঙৰ ডিব্ৰু নৈৰ দুয়োপাৰৰ পর্যটন ক্ষেত্ৰখন নতুনকৈ সজাই পৰাই তোলা হৈছে ৷ উৎসৱৰ দ্বিতীয় দিনা অৰ্থাৎ সোমবাৰে উৎসৱথলীত জুবিন গাৰ্গে নিজেই নিজৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰে ৷

সমান্তৰালভাৱে নাজিৰাটিং তামূলী পৰ্যটন উৎসৱৰ লগতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থখন উন্মোচন কৰে দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰজ গোৱালাই ৷ এই অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে বহুসংখ্যক গণ্যমান্য ব্যক্তি ৷ এই অনুষ্ঠানৰ অন্তিম দিনা অর্থাৎ আজি দিনৰ ২.৩৫ বজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি সভাত উপস্থিত থকাৰ লগতে সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাস আৰু দ্বীপশিখা বৰাই গীতৰ শৰাই আগবঢ়াব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে ।

লগতে নাজিৰাটিং তামুলী পর্যটন উৎসৱৰ আয়োজকসকলে নাজিৰাটিঙৰ তামুলী পর্যটনস্থলীলৈ অসমবাসীক জনাইছে আমন্ত্ৰণ ৷ কোনো লোকে কৰা কৰ্মৰ সন্মান যদি দিব লাগে, তেন্তে জীৱিত কালতেই দিব লাগে ৷ তাৰেই উদাহৰণস্বৰূপে শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো তেখেত জীয়াই থকাৰ সময়তেই নিৰ্মাণ কৰা বুলি উল্লেখ কৰিলে পৰিচালনা সমিতিৰ সভাপতি তথা বিধায়ক সুৰেন ফুকনে ৷

উল্লেখযোগ্য যে, ১৯১৯ চনতে ডিব্ৰু নৈৰ এই স্থানত ডিগবৈবাসীৰ বাবে নিৰ্মাণ কৰা হৈছিল এটা খোৱাপানীৰ প্ৰকল্প ৷ খোৱাপানীৰ প্ৰকল্পটো নিৰ্মাণ কৰাৰ পাছতে প্ৰকল্পৰ সৌন্দৰ্য্যই পৰ্যটকৰ লগতে বহু বনভোজ দলক আকৰ্ষণ কৰি আহিছে ৷

লগতে পঢ়ক: Northeast Festival in Washington : ৱাশ্বিংটনত চেলিব্ৰেটিং নৰ্থ-ইষ্ট ফেষ্টিভেলত জুবিন গাৰ্গ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.