ETV Bharat / state

2 handguns and machine recovered : ডুমডুমা বন সংমণ্ডলত ২ টাকৈ হস্তনিৰ্মিত বন্দুকসহ গছ কটা মেচিন উদ্ধাৰ

author img

By

Published : Mar 3, 2023, 10:39 PM IST

তিনিচুকীয়া জিলাৰ কাকজান-দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত বনবিভাগৰ এটা দলে এক অভিযান চলাই ২ টাকৈ হস্তনিৰ্মিত বন্দুকৰ লগতে চাৰিটাকৈ গছ কটা মেচিন জব্দ কৰে (2 handguns and machine recovered)৷

2 handgun and machine recovered at Doomdooma
২ টাকৈ হস্তনিৰ্মিত বন্দুকসহ গছ কটা মেচিন উদ্ধাৰ

তিনিচুকীয়া, ৩ মাৰ্চ : ৰাজ্যৰ বনাঞ্চলসমূহত অবাধ গতিত চলিছে বনধ্বংসৰ অভিযান ৷ বন বিভাগে বনাঞ্চল ধ্বংস ৰোধৰ কাৰণে তৎপৰতা প্ৰদৰ্শন কৰিছে যদিও সফল হ’ব পৰা নাই ৷ তেনে সময়তে বৃহস্পতিবাৰে নিশাৰ ভাগত তিনিচুকীয়া জিলাৰ কাকজান-দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত বনবিভাগৰ এটা দলে আৰক্ষীৰ সহযোগত এক অভিযান চলাই । ডুমডুমা বন সংমণ্ডলৰ (Doomdooma Forest Division) অধীনৰ ডুমডুমা আঞ্চলিক বন বিষয়া মেহেদি হাছানৰ (Doomdooma Regional Forest Officer Mehedi Hasan) নেতৃত্বত চলা অভিযানত ২ টাকৈ হস্তনিৰ্মিত বন্দুকৰ লগতে চাৰিটাকৈ গছ কটা মেচিন জব্দ কৰে বন বিভাগৰ দলটোৱে (2 handguns and machine recovered) ৷

অভিযানকাৰী দলটোৱে জানিবলৈ দিয়ামতে তিনিটাকৈ বনদস্যুয়ে বনাঞ্চলৰ বন ধ্বংস যজ্ঞৰ আখৰা চলাই থকাৰ সময়তেই উপস্থিত হৈছিল অভিযানকাৰী দলটো । অৱশ্যে বনদস্যুৰ দলটোৱে পলাই সাৰিবলৈ সক্ষম হয় যদিও হাতে সজা বন্দুকৰ সৈতে মেচিন কেইটা জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ।

বন বিষয়া মেহেদি হাছানে ডুমডুমা বনাঞ্চলিক কাৰ্যালয়ত অতি কম সংখ্যক কৰ্মচাৰী থকাৰ বাবে উপযুক্ত সময়ত অভিযান চলাই অভিযানটো সফল কৰাত ব্যাঘাত জন্মে বুলি উল্লেখ কৰে ৷ ইয়াৰোপৰি বন বিষয়াগৰাকীয়ে কাৰ্যালয়টোত কৰ্মচাৰী বৃদ্ধি কৰিবলৈ অনুৰোধ জনাই ।

এই সন্দৰ্ভত ডুমডুমা বন সংমণ্ডলৰ অধীনৰ ডুমডুমা আঞ্চলিক বন বিষয়া মেহেদি হাছানে কয়, "বৃহস্পতিবাৰে কাকজান-দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত আমি কৰ্তব্য কৰি থকাৰ সময়তে হঠাৎ গছ কটা মেচিনৰ শব্দ শুনিবলৈ পাওঁ ৷ সেই সময়ত আমি দুজন বেটেলিয়ানৰ লগতে মুঠতে ছয় জন লোক আছিলো ৷ মেচিনৰ শব্দ শুনিবলৈ পায় মেচিনৰ শব্দৰ দিশে আমি অভিযান আৰম্ভ কৰো ৷ কিন্তু কিছুদূৰ আমি যোৱাৰ পাছতে মেচিনৰ শব্দ বন্ধ হৈ যায় ৷

মেচিনৰ শব্দ বন্ধ হোৱাত বনদস্যুৰ দলটোৱে যাতে আমি যোৱাৰ সম্ভেদ নাপায় তাৰ কাৰণে বহু সময় ৰৈ দিলো ৷ বহু সময় আমি মনে মনে থকাৰ পিচত পুনৰ গছ কটা মেচিন আৰম্ভ কৰে আৰু আমি পুনৰ ততাতৈয়াকৈ মেচিনৰ শব্দৰ দিশে অভিযান আৰম্ভ কৰো ৷ আমি উক্ত স্থানত গৈ পায় দেখো যে তিনিজনকৈ বনদস্যুয়ে গছ কটাত ব্যস্ত হৈ আছিল, কিন্তু আন্ধাৰৰ সুযোগ লৈ বনদস্যু কেইটাই পলায় যাবলৈ সক্ষম হয় যদিও চাৰিটাকৈ গছ কটা মেচিন আৰু দুটা হস্তনিৰ্মিত বন্দুক এৰি থৈ যায় (2 handguns recovered at Doomdooma) ৷ পৰৱৰ্তী সময়ত বনদস্যুৰ দলটোৰ বিৰুদ্ধে অভিযান চলোৱা হয় যদিও সিহঁত পলায় যাবলৈ সক্ষম হয় ৷"

লগতে পঢ়ক: Govt Employees arrested in Goalpara : গোৱালপাৰাত দুৰ্নীতি নিবাৰক শাখাৰ জালত ঘোচখোৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.