ডুমডুমা,23 ফেব্ৰুৱাৰীঃ ডুমডুমা বৰহাপজান তিনিআলি নিবাসী বজৰং প্ৰসাদ গুপ্তাৰ ১৬ বছৰীয়া পুত্ৰ বিবেক প্ৰসাদ গুপ্তা দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে । উল্লেখযোগ্য যে, ডুমডুমা লটাছ একাডেমীৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ বিবেক প্ৰসাদ গুপ্তাৰ সন্ধানহীন সম্পৰ্কে পৰিয়ালৰ লোকে ইতিমধ্যে ডুমডুমা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে ।

ইপিনে কোনো সদাশয় লোকে বিবেকৰ সন্ধান লাভ কৰিলে 9957006411 অথৱা 8011238095 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।
লগতে পঢ়কঃ চিকিৎসকৰ কৰ্মকাণ্ডত অতিষ্ঠ স্থানীয় ৰাইজ !