ধুবুৰী, 5 ফেব্ৰুৱাৰী : দক্ষিণ শালমাৰাৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত বিশ্ব কৰ্কট দিৱস পালন ৷ বৃহস্পতিবাৰে বিশ্ব কৰ্কটৰোগ দিৱস উপলক্ষে দক্ষিণ শালমাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কুশবাৰী,আইৰ কাটা,ৰাভাৰ চালা,ফলিমাৰী আদিকে ধৰি প্ৰায় দহখন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ কেন্দ্ৰত কৰ্কট ৰোগ সম্পৰ্কে সজাগতা সভাৰ লগতে স্বাস্থ্য পৰীক্ষা কৰা হয় ৷
উক্ত কাৰ্যসূচীত পৰিয়াল কল্যাণ কেন্দ্ৰ সমূহৰ CHO (community Health Officer) এ এন এম,আশাৰ লগতে পিৰামল স্বাস্থ্যৰ দক্ষিণ শালমাৰাৰ খণ্ড ৰূপান্তৰণ বিষয়াদ্বয় ছিৰাজুল ইছলাম আৰু হজৰত আলী আহমেদো উপস্থিত থাকি ৰাইজৰ মাজত কৰ্কট ৰোগৰ লক্ষণ,বিভিন্ন কাৰণ সমূহৰ লগতে কেনেদৰে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি তাৰ ওপৰত সজাগতা মূলক ভাষণ দিয়ে ৷
![দক্ষিণ শালমাৰাত পালন কৰা হয় বিশ্ব কৰ্কটৰোগ দিৱস](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10505152_image.jpg)
আনহাতে দক্ষিণ শালমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আঁচনি প্ৰৱন্ধক নুৰ আলম মোল্লাই জানিবলৈ দিয়ে যে আজিৰ কৰ্কট ৰোগী পৰীক্ষা কাৰ্যসূচীত এজনো ৰোগী পোৱা হোৱা নাই আৰু তেখেতে ৰাইজক সময়ে সময়ে আহি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ সমূহত পৰীক্ষা কৰাবলৈও আহ্বান জনায় ৷
স্বাস্থ্য বিভাগৰ এনে পদক্ষেপ নিশ্চয়কৈ প্ৰশংসনীয়৷ যদিও সাধাৰণ ৰাইজ এইক্ষেত্ৰত কেনে ধৰণে সজাগ হয় সেয়াই গুৰুত্বপূৰ্ণ বিষয় ৷
লগতে পঢ়ক: যোৰহাট আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী