ETV Bharat / state

ৰেইনবো ইংলিছ একাডেমীৰ ৰূপালী জয়ন্তীত উপস্থিত ইছৰোৰ যুৱ বৈজ্ঞানিক

ৰেইনবো ইংলিছ একাডেমীৰ ৰূপালী জয়ন্তীৰ অন্তিম দিনা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে একাডেমিখনৰে প্ৰাক্তন ছাত্ৰ তথা ইছৰোৰ বৈজ্ঞানিক ইজাছ আহমেদ ৷ ইজাছ আহমেদে 2009 বৰ্ষত উক্ত একাডেমিৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অষ্টম স্থান দখল কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিছিল ৷

ৰেইনবো ইংলিছ একাডেমীত ইছৰোৰ যুৱ বৈজ্ঞানিক
author img

By

Published : Oct 12, 2019, 9:41 AM IST

ধুবুৰী, 12 অক্টোবৰঃ 25 বছৰ সম্পূৰ্ণ কৰিলে মানকাচৰ জিলাৰ হাটশিঙিমাৰী ৰেইনবো ইংলিছ একাডেমীয়ে ৷ বিদ্যালয়খনৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি বিগত তিনিদিন ধৰি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ ৰূপালী জয়ন্তীৰ অন্তিম দিনা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে একাডেমিখনৰে প্ৰাক্তন ছাত্ৰ তথা ইছৰোৰ বৈজ্ঞানিক ইজাছ আহমেদ ৷ লগতে উপস্থিত থাকে জিলা উপায়ুক্ত আতিকা ছুলতানা, মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম ৷

ৰেইনবো ইংলিছ একাডেমীত ইছৰোৰ যুৱ বৈজ্ঞানিক

উল্লেখ্য যে, ইছৰোৰ বৈজ্ঞানিক ইজাছ আহমেদে 2009 বৰ্ষত উক্ত একাডেমিখনৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অষ্টম স্থান দখল কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিছিল ৷ আনহাতে, যুৱ বৈজ্ঞানিক গৰাকীয়েও নিজ বিদ্যালয়ত উপস্থিত হ’বলৈ পাই আনন্দ প্ৰকাশ কৰে ৷ বৈজ্ঞানিকজনক লগ পাই আৰু তেখেতৰ সৈতে মত বিনিময় কৰি উৎফুল্লিত হৈ পৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষসকল ৷

Intro:দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী ৰেইনবো ইংলিচ একাডেমিত ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত উপস্থিত ISRO ৰ বৈজ্ঞানিক ইজাছ আহমেদ।
Body:হাটশিঙিমাৰী ৰেইনবো ইংলিচ একাডেমিত উখল মাখল পৰিৱেশ। কাৰণ বিদ্যালয় খনত উদযাপন হৈ থকা ৰূপালী জয়ন্তীৰ মুকলি সভাত উপস্থিত প্ৰাক্তন ছাত্ৰ তথা ISRO ৰ যুৱ বৈজ্ঞানিক ইজাজ আহমেদ।

দৰাচলতে, দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰী ৰেইনবো ইংলিচ একাডেমিখন ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত ব্যক্তিগত প্ৰতিষ্ঠানটোৱে যোৱা তিনিদিন ধৰি বিভিন্ন ধৰণৰ অনুষ্ঠান উদযাপন কৰি আহিছে। আজি অন্তিম দিনা খনত উক্ত একাডেমিৰ প্ৰাক্তন ছাত্ৰ তথা ISRO ৰ বৈজ্ঞানিক ইজাছ আহমেদে আবেলি ২ বজাত মুকলি সভাত মূখ্য অতিথি হিচাবে উপস্থিত থাকে। ইয়াৰোপৰি সভাখনত উপস্থিত থাকে জিলা উপায়ুক্ত আতিকা ছুলতানা, মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম আৰু স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলোৰ লগতে হাটশিঙিমাৰী এলেকাৰ বহুতো সচেতন ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে, ISRO বৈজ্ঞানিক ইজাছ আহমেদে 2009 বৰ্ষত উক্ত একাডেমিৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অষ্টম স্হান দখল কৰি জিলা খনৰ সুনাম অৰ্জন কৰিছিল আৰু এই মেধাৱী ছাত্ৰ জনে এনেকুৱা এটা সৰু জিলাৰ পৰা ISRO ত নিযুক্তি পোৱাত জিলা বাসীয়ে আনন্দ মূখৰিত হোৱাৰ লগতে এই বৈজ্ঞানিক জনৰ লগত সাক্ষাৎ কৰাৰ লগতে শুভাকাংক্ষীয়ে এটা এটা চেলফি লোৱাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়।

ইপিনে যুৱ বৈজ্ঞানিক গৰাকীয়ে আজি নিজৰ পঢ়াশালীত উপস্থিত হবলৈ পাই আনন্দিত হৈ পৰে। Conclusion:উল্লেখযোগ্য যে, জিলা খনৰ গৌৰৱ ইজাজ আহমেদক লগ পাই উৎফুল্লিত হৈ পৰিছে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু ৰাইজে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.