ETV Bharat / state

ভাৰত-বাংলা সীমান্তত বি এছ এফৰ গুলীত নিহত চোৰাং গৰু ব্যৱসায়ী - Cattle smuggler died at Indo-Bangla border

মানকাচৰৰ ভাৰত-বাংলা সীমান্তত বি এছ এফৰ গুলীচালনা ৷ বি এছ এফৰ গুলীত সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ কাটিবলৈ চেষ্টা কৰা অৱস্থাত নিহত চোৰাং গৰু ব্যৱসায়ী ৷

Cattle smuggler died in BSF firing at Indo-Bangla international border
ভাৰত-বাংলা সীমান্তত বি এছ এফৰ গুলীত চোৰাং গৰু ব্যৱসায়ী নিহত
author img

By

Published : Dec 6, 2019, 6:33 PM IST

ধুবুৰী,6 ডিচেম্বৰঃ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তয়েদি বাংলাদেশলৈ ব্যাপক হাৰত গৰুৰ চোৰাং সৰবৰাহ অব্যাহত থকাৰ সময়তে শুকুৰবাৰে পুৱতি নিশা সীমান্তৰ কাটাতাঁৰ কাটি গৰুৰ চোৰাং সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ সময়ত বি এছ এফৰ গুলীত এজন চোৰাং গৰুৰ সৰবৰাহকাৰী নিহত হয় ।

উল্লেখ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তৰ খাৰুৱাবান্দা আৰক্ষী চকীৰ অন্তৰ্গত কানাইমাৰা এলেকাত হাটশিঙিমাৰীৰ শান্তিপুৰ অঞ্চলৰ চৰ কাশাৰীপাৰা গাঁৱৰ বাসিন্দা ছবুৰ মিঞা নামৰ সৰবৰাহকাৰীটোৱে কিছু পৰিমাণে কাঁইটীয়া তাঁৰৰ বেৰ কটাৰ সময়তে সীমান্তত টহলধাৰী বি এছ এফ জোৱানে লোকজনক লক্ষ্য কৰি গুলীচালনা কৰে । ফলত বি এছ এফৰ গুলীত ঘটনাস্থলীতে চোৰাং সৰবৰাহকাৰীটো নিহত হয় ৷ ঘটনাৰ পিছত বি এছ এফৰ জোৱানে নিহত যুৱকজনৰ মৃতদেহ স্থানীয় খাৰুৱাবান্ধা আৰক্ষী চকীত চমজাই দিয়ে ।

ভাৰত-বাংলা সীমান্তত বি এছ এফৰ গুলীত চোৰাং গৰু ব্যৱসায়ী নিহত

আৰু পঢ়ক হায়দৰাবাদৰ ধৰ্ষণ কাণ্ডত জড়িত চাৰিজন মূল অভিযুক্তক এনকাউন্টাৰ

Intro:মানকাচৰৰ ভাৰত-বাংলা সীমান্তৰ কানাইমাৰা অঞ্চলত বি এছ এফৰ গুলী চালনা। বি এছ এফৰ গুলীত নিহত এজন। সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ কাটিবলৈ গৈছিল নিহত যুৱকজন।Body:ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সীমান্তৱৰ্তী বিভিন্ন উন্মুক্ত সীমান্তৰে বাংলাদেশলৈ গৰুৰ চোৰাং কাৰবাৰ অব্যাহত আছে। এনে সময়তে আজি পুৱতি নিশা মানকাচৰ সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ কাটি গৰুৰ চোৰাং চালান কৰিব গৈ বি এছ এফৰ গুলিত নিহত হল এজন চোৰাংকাৰী। উল্লেখ্য যে, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তৰ খাৰুৱাবান্দা আৰক্ষী চকীৰ অন্তৰ্গত কানাইমাৰা এলেকাত হাটশিঙিমাৰীৰ শান্তিপুৰ অঞ্চলৰ চৰ কাশাৰীপাৰা গাঁৱৰ বাসিন্দা মনছুব ভূঞাৰ পুত্ৰ ছবুৰ মিঞা নামৰ চোৰাংকাৰীয়ে কাঁইটীয়া তাৰৰ বেৰ কাটিবলৈ যায়। কিছু পৰিমাণে বেৰ কটাৰ সময়তে টহলধাৰী বি এছ এফ জোঁৱানে চোৰাংকাৰী জনক লক্ষ্য কৰি গুলি চালনা কৰে। ফলত বি এছ এফৰ গুলিত থিতাতে মৃত্যু হয় চোৰাংকাৰী যুৱকজন। পিছত বি এছ এফৰ জোৱানে নিহত যুৱকজনৰ মৃতদেহ স্থানীয় খাৰুৱাবান্ধা আৰক্ষী চকীত চমজাই দিয়ে।

Conclusion:উল্লেখযোগ্য যে, সীমান্ত অঞ্চলত বি এছ এফে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ সময়তো বি এছ এফৰ চকুত ধূলি দি চোৰাং গৰু বেপাৰী তথা সৰবৰাহকাৰীয়ে বিভিন্ন পন্থা অৱলম্বন কৰি আহিছে। বিগত দিনত বহু কেইজন চোৰাংকাৰী বি এছ এফৰ গুলিত নিহত হোৱাৰ পিছতো চোৰাংকাৰীয়ে অব্যাহত ৰাখিছে এনে ভয়াৱহ চোৰাং কাৰবাৰ।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.