তেজপুৰ,১১ মাৰ্চঃ কৰ’না ভাইৰাছৰ আতংক কম হোৱাৰ বিপৰীতে দিনক দিনে বৃদ্ধি পাইছে ৷ বিগত কিছুদিনৰ আগত তেজপুৰত এগৰাকী ইটালিয়ান পৰ্যটকক হোটেলত বন্ধ কৰি ৰখাৰ পিছতে তেজপুৰ চহৰত একপ্ৰকাৰ আতংকৰ সৃষ্টি হৈছিল ৷ পৰৱৰ্তী সময়ত স্বাস্থ্য বিভাগে ব্যক্তিগৰাকীৰ দেহত কোনোধৰণৰ COVID 19ৰ বীজাণুৰ অৱস্থিতি নাই বুলি স্পষ্টকৈ জানিবলৈ দিয়ে ৷
ৰাইজৰ মাজত ভাইৰাছবিধ সম্পৰ্কত সজাগতা সৃষ্টিৰ অৰ্থে তেজপুৰ জুবিনিয়ানে চহৰখনৰ বিভিন্ন ঠাইত মাক্স,চাবোন আদি বিতৰণ কৰে ৷
লগতে চাওকঃশুৱালকুছিত ডাম্পাৰ, ট্ৰেক্টৰৰ দৌৰাত্ম্যত অতিষ্ঠ পথচাৰী