তেজপুৰ,28 ছেপ্টেম্বৰঃ তেজপুৰত স্বচ্ছ ভাৰত অভিযানৰ গছ পুলি ৰোপণ কৰিবলৈ গৈ মাৰপিত। কেইবাজনো লোকক মাৰপিট কৰা দৃশ্য বন্দী হয় ম'বাইলত ।
উল্লেখ্য যে, স্বচ্ছ ভাৰত অভিযানৰ বেনাৰত কেইজনমান যুৱকে তেজপুৰ কটন ৰোডৰ পথৰ দাঁতিত গছ পুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰোতে প্ৰহাৰ কৰে স্থানীয় এটা পৰিয়ালৰ লোকে। অভিযোগ অনুসৰি,মুষ্টাক,চাজিদ,হাইদৰ নামৰ যুৱককেইজনে পদ পথত গছ পুলি ৰোপণ কৰি থাকোতেই প্ৰহাৰ কৰে পুলি ৰোপণ কৰা যুৱককেইজনক ৷ আনহাতে,পৰিয়ালটোৱে বিগত বহু বছৰ ধৰি পদ পথটো কদৰ্যময় কৰি ৰখাৰ অভিযোগ তোলে যুৱককেইজনে ৷ তেজপুৰ পৌৰসভা আৰু জিলা প্ৰশাসনৰ অনুমতি অবিহনে যুৱক কেইজনে গছ পুলি ৰোপণ কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে ৷ আনহাতে,গছ পুলি ৰোপণ কৰা যুৱক কেইজনে তেজপুৰ সদৰ আৰক্ষীত গোচৰ ৰুজু কৰে বুলি মন্তব্য কৰে ।