ETV Bharat / state

তেজপুৰত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উপলক্ষে সজাগতামূলক ৰেলী

author img

By

Published : Sep 10, 2022, 1:17 PM IST

'কামৰ জৰিয়তে আশাৰ সঞ্চাৰ' । এইবাৰৰ বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱসৰ মূলমন্ত্ৰ । আত্মহত্যাৰ প্ৰৱণতা সাম্প্ৰতিক সময়ত এক সামাজিক ব্যাধি হিচাপে পৰিগণিত হৈছে । প্ৰকৃততে ই এক প্ৰকাৰ মানসিক ৰোগ বুলি চিকিৎসকসকলে গণ্য কৰিছে । ইয়াৰ বাবে প্ৰয়োজন সামাজিক সচেতনতা । এনে দিশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেক বছৰেই ১০ ছেপ্টেম্বৰ দিনটোত পালন কৰা হয় 'বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস' (World Suicide Prohibited Day) ।

WSPD
WSPD

তেজপুৰ, ১০ ছেপ্টেম্বৰ : প্ৰত্যেক বছৰেই ১০ ছেপ্টেম্বৰ দিনটোত পালন কৰা হয় 'বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস' (World Suicide Prohibited Day) । 'কামৰ জৰিয়তে আশাৰ সঞ্চাৰ'- এয়াই হৈছে এইবাৰৰ এই দিৱসৰ মূলমন্ত্ৰ । শোণিতপুৰ জিলা স্বাস্থ্য সমিতি, মানসিক স্বাস্থ্য সমিতি আৰু ভাৰতীয় চিকিৎসা সেৱা সংস্থাই এই উপলক্ষে আজি তেজপুৰত এক সজাগতামূলক ৰেলী উলিয়ায় (WSPD observed in Tezpur) ।

তেজপুৰত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উপলক্ষে সজাগতামূলক ৰেলী

এই সজাগতা ৰেলী উদ্বোধন কৰি শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় যে বৰ্তমান সময়ত মোবাইল ইণ্টাৰনেট অধিক ব্যৱহাৰৰ লগে লগেই মানুহৰ ধৈৰ্য নোহোৱা হৈছে (Awareness rally on occasion of WSPD) । যাৰ ফলত আত্মহত্যাৰ দৰে পথ বাছি লয় একাংশ পথভ্ৰষ্ট লোকে । অনগ্ৰসৰতা আৰু অভাৱ-অনাটনো ইয়াৰ এক অন্যতম কাৰণ বুলি তেওঁ কয় ।

বিশেষকৈ চাহ বাগিচা অঞ্চলত এই বিষয়ে অধিক সজাগতামূলক কাৰ্যসূচীৰ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে (Tezpur DC on WSPD in Tezpur) । আনহাতে, বিশিষ্ট চিকিৎসক ডাঃ পি কে শৰ্মাই যুৱ-প্ৰজন্মৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি কয়, "কামৰ জৰিয়তে যুৱ-প্ৰজন্মৰ মাজত আশাৰ সঞ্চাৰ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা আছে ।"

শ্ৰেণীকোঠা আৰু নিজৰ ঘৰখন আৰু সমাজত যুৱ-প্ৰজন্মক আত্মবিশ্বাসী কৰি তোলাৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণৰ বাবে অধিক প্ৰয়োজনীয়তা আহি পৰিছে বুলি তেওঁ মন্তব্য কৰে । উল্লেখযোগ্য যে নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ'ৰ (National Crime Records Bureau) তথ্য অনুসৰি, ২০২০ চনত অসমত ৩২৪৩ টা আত্মহত্যাৰ গোচৰ ৰুজু হৈছিল ।

অসম আৰক্ষীৰ ৰেকৰ্ড অনুসৰি, ২০১৮ চনত অসমত আত্মহত্যাৰ গোচৰ ৰুজু হৈছিল ২৩১০টা । নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ' (এন চি আৰ বি)ৰ পৰিসংখ্যা অনুসৰি, ২০১৯ চনত ৰাজ্যখনত ২,৩৭০ টা আত্মহত্যাৰ গোচৰ ৰেকৰ্ড কৰা হৈছিল, যিটো ৩৬.৮% বৃদ্ধি পাই ২০২০ চনত ৩,২৪৩ টালৈ বৃদ্ধি হৈছে । এনচি আৰ বিয়ে অৱশ্যে এতিয়াও ২০২১ চনৰ তথ্য প্ৰকাশ কৰা নাই যদিও যোৱা বছৰ অসম আৰক্ষীয়ে ৩,৩০২ টা আত্মহত্যাৰ গোচৰ ৰেকৰ্ড কৰিছিল ।

ইয়াৰে ২,৩৯১ গৰাকী পুৰুষ আৰু ৯১১ গৰাকী মহিলা । এই প্ৰৱণতা অত্যন্ত মানসিক চাপ, সংগীহীনতা আৰু উদাসীনতা এক অন্যতম কাৰণ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :ডিগবৈত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.