তেজপুৰ, ১১ অক্টোবৰ : শনিবাৰে শোণিতপুৰ জিলা প্ৰশাসন আৰু তেজপুৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় তথা জিলাৰ সমাজ কল্যাণ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত তেজপুৰ আৱৰ্ত ভৱনত আয়োজন কৰা এক অনুষ্ঠানত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন কৰা হয় (World senior citizen day 2022 celebrated in Tezpur) ৷
![World senior citizen day 2022 celebrated in Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur04-01oct-pix-oldagefaliciated-pranabkumardas-7203907_01102022190145_0110f_1664631105_654.jpg)
৭০ বছৰৰ ওপৰৰ প্ৰায় ৬০ গৰাকী বয়োজ্যেষ্ঠ ব্যক্তি উপস্থিত থকা আজিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে তিনিজন ১০০ বছৰৰ উৰ্দ্ধৰ ভোটাৰ ক্ৰমে হৰেণ বৰদলৈ (১০১), আব্বাছ আলী (১০২) আৰু কালিচৰণ ৰুহী দাস (১০১)ক প্ৰতি বছৰে ভোটদান প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ লগতে আৰু দেশৰ যুৱক-যুৱতীসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস হোৱাৰ বাবে সম্বৰ্ধনা জনায় ৷
![World senior citizen day 2022 celebrated in Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur04-01oct-pix-oldagefaliciated-pranabkumardas-7203907_01102022190145_0110f_1664631105_1054.jpg)
আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন কাৰ্যসূচীৰ সমান্তৰালকৈ ভাৰতৰ নিৰ্বাচন আয়োগৰ পৰা লাভ কৰা নিৰ্দেশনা অনুসৰি আজি জিলাখনৰ ঠায়ে ঠায়ে ১০০ বছৰৰ ওপৰৰ এনে সকলো বয়োজ্যেষ্ঠ ভোটাৰক নিজ নিজ বাসগৃহত গৈ চক্ৰ বিষয়াসকলে সম্বৰ্ধনা জ্ঞাপন কৰে ।
‘‘মৰমেৰে সজোৱা এটি দিন’’ শীৰ্ষক আজিৰ আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আৰু ভাষণ প্ৰসঙ্গত আজিৰ দিৱসৰ গুৰুত্ব আৰু এইবাৰৰ মূল বিষয়বস্তুৰ ওপৰত বক্তব্য আগবঢ়ায় ।
![World senior citizen day 2022 celebrated in Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur04-01oct-pix-oldagefaliciated-pranabkumardas-7203907_01102022190145_0110f_1664631105_1054.jpg)
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগমে বৃদ্ধাৱস্থাত নিজৰ স্বাস্থ্যৰ চোৱা-চিতা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য আগবঢ়ায় । লগতে বেছেৰিয়া বৃদ্ধাশ্ৰমৰ আকলিমা বেগমেও ভাষণ দি আজি উপস্থিত কেইবাজনো বয়োজ্যেষ্ঠ লোকৰ দুখজনক কাহিনীৰ বৰ্ণনা কৰি পৰৱৰ্তী সময়ত তেওঁলোকে জীৱনত কিদৰে আগুৱাই গৈছে তাৰ ওপৰত ব্যাখ্যা আগবঢ়ায় ।
![World senior citizen day 2022 celebrated in Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur04-01oct-pix-oldagefaliciated-pranabkumardas-7203907_01102022190145_0110f_1664631105_417.jpg)
আজিৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা চমু সাংস্কৃতিক অনুষ্ঠানত কবিতা স্বৰ্গীয়াৰী আৰু তেওঁৰ দলে বড়ো নৃত্য প্ৰদৰ্শন কৰে আৰু এগৰাকী আত্মসহায়ক গোটৰ সদস্যাই এটি গীত পৰিৱেশন কৰে । তদোপৰি, ৰূপমণি দাস আৰু দলে প্ৰদৰ্শন কৰা বিহু নৃত্যত কেইবাগৰাকী বয়োজ্যেষ্ঠ মহিলাই উৎসাহেৰে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় ৷ আনকি কেইবাগৰাকীয়ে আগবাঢ়ি আহি বিহু নাম গোৱাৰ লগতে বিহু দলটোৰ সৈতে নৃত্যও কৰে ।
![World senior citizen day 2022 celebrated in Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur04-01oct-pix-oldagefaliciated-pranabkumardas-7203907_01102022190145_0110f_1664631105_725.jpg)
জিলা উপায়ুক্ত দেৱা কুমাৰ মিশ্ৰৰ লগতে শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলী সুৰিন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া, অতিৰিক্ত উপায়ুক্ত ক্ৰমে ৰমী বৰুৱা, দ্যোতিভা বৰা, ৰাজ বৰুৱা, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যান বিষয়া কবিতা ফাংচো, নিৰ্বাচনী বিষয়া ইভা দাস, আৰু জিলা প্ৰশাসনৰ আন বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।
![World senior citizen day 2022 celebrated in Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur04-01oct-pix-oldagefaliciated-pranabkumardas-7203907_01102022190145_0110f_1664631105_276.jpg)
আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত সকলো বিষয়া-কৰ্মচাৰীয়ে তেওঁলোকৰ বাবে এই দিনটো এক স্মৰণীয় দিন হৈ ৰ’ব বুলি মন্তব্য প্ৰকাশ কৰে ৷ আজিৰ কাৰ্যসূচীত উপস্থিত থকা বয়োজ্যেষ্ঠ লোকসকলৰ উৎসাহ, ভাৱৰ আদান-প্ৰদান আৰু হৃদয়স্পৰ্শী কাহিনীয়ে সকলোকে আহলাদিত কৰে ।
লগতে পঢ়ক : সন্ত্ৰাসমুক্ত অসম গঢ়াৰ লক্ষ্যত অসম আৰক্ষী সফলতাৰে আগবাঢ়ি গৈছে : মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ