ETV Bharat / state

World Aids Day 2022: শোণিতপুৰ জিলাত এটা বৰ্ষত ৯২ জন লোক এইডছত আক্ৰান্ত - জিলা ছেশ্যন ন্যায়াধীশ চত্ৰভূষণ গগৈ

আজি বিশ্ব এইডছ দিৱস (World Aids Day 2022)৷ বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ তেজপুৰত জিলা এইডছ কন্ট্ৰ’ল সন্থাই সজাগতা সৃষ্টিৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ (Tezpur Kanaklata Civil hospital) পৰা এক শোভাযাত্ৰা উলিয়াই ৷

World Aids Day 2022 observed in Tezpur
World Aids Day 2022: শোণিতপুৰ জিলা এটা বৰ্ষত ৯২ জন লোক এইডছ ৰোগত আক্ৰান্ত
author img

By

Published : Dec 1, 2022, 6:09 PM IST

তেজপুৰ, ১ ডিচেম্বৰ: সমগ্ৰ বিশ্বতে আজি বিশ্ব এইডছ দিৱস পালন কৰিছে (World Aids Day 2022)৷ এই দিৱসত এইডছ কন্ট্ৰ’ল ছচাইটিয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰে । বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ তেজপুৰত জিলা এইডছ কন্ট্ৰ’ল সন্থাই সজাগতা সৃষ্টিৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ (Tezpur Kanaklata Civil hospital) পৰা এক শোভাযাত্ৰা উলিয়াই ৷ তেজপুৰ আদালতৰ জিলা ছেশ্যন ন্যায়াধীশ চত্ৰভূষণ গগৈ আৰু জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই (DC Deba Kumar Mishra) যুটীয়াভাৱে এই শোভাযাত্ৰা মুকলি কৰে (World Aids Day 2022 observed in Tezpur)।

World Aids Day 2022 observed in Tezpur
শোণিতপুৰ জিলা এটা বৰ্ষত ৯২ জন লোক এইডছ ৰোগত আক্ৰান্ত

মনকৰিবলগীয়া যে অসমত বিগত পাঁচ বছৰৰত ক্ৰমাগতভাৱে এই ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে । আনহাতে ভাৰতবৰ্ষত বিশ্বৰ অন্যান্য দেশৰ তুলনাত যথেষ্ট পৰিমাণে কমিছে । শোভাযাত্ৰা মুকলি কৰি ন্যায়াধীশ চত্ৰভূষণ গগৈয়ে লগতে কয় যে ভাৰতবৰ্ষত স্বাস্থ্য বিভাগে এই ব্যাধি হ্ৰাস কৰিবলৈ সক্ষম হৈছে গোলকীয় পৰিসংখ্যাৰ তুলনাত ৷ এইডছ (AIDS) সম্পূৰ্ণ নাম Acquired Immune Deficiency Syndrome হ’ল, Acquired অৰ্থাত এই ৰোগটো সহজাত বা জন্মগত নহয় বৰঞ্চ আয়ত্ত বা অৰ্জন কৰি লোৱা ৰোগ ৷ Immune শব্দটো Immunology শব্দটোৰপৰা আহিছে ৷

প্ৰত্যেক মানুহৰ দেহত ৰোগ প্ৰতিৰোধকাৰী এক বিশেষ ক্ষমতা থাকে। তেজত থকা শ্বেত ৰক্তকণিকাৰ Lymphocyte নামৰ কোষবোৰে এই ক্ষেত্ৰত বিশেষ ভূমিকা লয়। বিভিন্ন বাহ্যিক বীজাণু – ভাইৰাছ, বেক্টেৰিয়া, প্ৰট'জ'ৱা, ভেঁকুৰ ইত্যাদিয়ে শৰীৰক অনবৰতে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে ৷

এই বাহ্যিক শত্ৰুবোৰক Lymphocyte বোৰে তেজৰ লগত মিহলি হৈ থকা শৰীৰক সঞ্জিৱিত কৰা এবিধ ৰস (hormone) আৰু কিছুমান বিশেষ কোষৰ সহায়ত প্ৰতিৰোধ কৰে ৷ তাৰ বাবে Lymphocyte বোৰে এবিধ বিশেষ বীজাণু প্ৰতিষেধক কোষৰ সৃষ্টি কৰে, সেইবোৰক এণ্টিবডি বোলে ৷ শৰীৰৰ এই বীজাণু প্ৰতিৰোধকাৰী প্ৰক্ৰিয়াটোক Immune System বোলা হয়। Deficiency-য়ে অভাৱ বুজায় আৰু Syndrome মানে লক্ষণ।

গতিকে AIDS ৰোগটো আচলতে ৰোগ নহয়। ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা ভাগি পৰাৰ অৱস্থাটোহে। তেনে অৱস্থা শৰীৰলৈ আহি পৰিলেই সুবিধাবাদী নানানটা বীজাণুৱে শৰীৰক আক্ৰমণ কৰি শৰীৰটোক মৃত্যু মুখলৈ ঠেলি লৈ যায়। সৰল ভাষাত AIDS হ’ল এবিধ মাৰাত্মক ব্যাধি।

তাৎপৰ্যপূৰ্ণ যে শোণিতপুৰ জিলাত ২০২১-২২ বৰ্ষৰত অক্টোবৰ মাহ লৈকে মুঠ ৯২ জন লোক আক্ৰান্ত হৈছে । Assam State AIDS Control Society ৰ তথ্য অনুসৰি ২০১৭-১৮ চনত ১৫৮৬ গৰাকী ,২০১৮-১৯ বৰ্ষত ১৭১৫ গৰাকী , ২০১৯-২০ বৰ্ষত ১৯৫৫ গৰাকী ,২০২০-২১ বৰ্ষত ১২৮৮ গৰাকী ,২০২১-২২ বৰ্ষত ২৩৬৬ গৰাকী আৰু ২০২২-২৩ বৰ্ষৰ অক্টোবৰ মাহলৈকে ২২৬৯ গৰাকী লোক অসমত এই ৰোগত আক্ৰান্ত হৈছে । অসমত এই বৰ্ষত অক্টোবৰ মাহলৈ ৫৪৫ গৰাকী লোক এইডছত আক্ৰান্ত হৈছে ৷

এই তথ্যৰ পৰা গম পায় যে এই মাৰাত্মক ব্যাধি তুলনামূলকভাৱে অসমত বৃদ্ধি পাইছে ৷ চৰকাৰে বিভিন্ন ধৰণৰ প্ৰচাৰ আৰু সজাগতা সৃষ্টিৰ জৰিয়তে মানুহক এই বিপদৰ পৰা সজাগ কৰাৰ ব্যৱস্থা কৰিছে যদিও এই তথ্যই প্ৰমাণ কৰে যে অসমত এই ব্যাধি নিৰ্মূল কৰিব পৰা নাই । শোণিতপুৰ জিলাত একমাত্ৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল এই ৰোগৰ চিকিৎসা প্ৰদান কৰা ব্যৱস্থা আছে৷ বৰ্তমান জিলাখনত ৯২ জন লোক এই ব্যাধিত আক্ৰান্ত হৈছে ৷ লগতে ৩৪৯ গৰাকী লোকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰোগ্য লাভ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: DU ragging incident: কঠোৰ হাতেৰ দমন কৰা হ’ব ৰেগিং: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.