তেজপুৰ,২৮ অক্টোবৰ: তেজপুৰৰ পদুম পুখুৰীত অঘটন । এগৰাকী মহিলাই পদুম পুখুৰী উদ্যানৰ ভিতৰত থকা দলঙৰ পৰা জাঁপ দি আত্মহত্যাৰ চেষ্টা চলায়(Woman attempt suicide in Tezpur) । শুকুৰবাৰে দুপৰীয়া পদুম পুখুৰীৰ উদ্যানৰ ভিতৰত থকা দলঙৰ পৰা জাঁপ দিয়া প্ৰত্যক্ষ কৰে উদ্যান কৰ্তৃপক্ষৰ কৰ্মৰত এগৰাকী ব্যক্তিয়ে ।
লগে লগেই উদ্যানৰ পৰ্যবেক্ষণৰ দায়িত্বত থকা ব্যক্তি গৰাকীয়ে উক্ত ঠাইত নিজে জাপ দি মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ঘটনাৰ পিছতেই আৰক্ষী উপস্থিত হৈ ১০৮ এম্বুলেঞ্চ যোগে মহিলাগৰাকীক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । অৱশ্যে মহিলা গৰাকীয়ে কি কাৰণত এই পথ অৱলম্বন কৰিলে সেয়া আৰক্ষীৰ তদন্তৰ পিছতে জানিব পৰা যাব ।
লগতে পঢ়ক: Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা