ETV Bharat / state

শোণিতপুৰত দুটাকৈ ডাইনী সন্দেহৰ ঘটনা: পুনৰ আটক এগৰাকী মহিলা - Witch Hunting Tezpur

Witchcraft Related Cases : দুটা দিনত শোণিতপুৰত সংঘটিত দুটাকৈ ডাইনী সন্দেহৰ আক্ৰমণ ৷ বাঁহবাড়ীত ডাইনীৰ সন্দেহত এগৰাকী মহিলাক হত্যা কৰাৰ পাছত বুধবাৰে আৰক্ষীয়ে উক্ত ঘটনাৰ সন্দৰ্ভত অংকিতা কাপি নামৰ আন এগৰাকী মহিলাক আটক কৰে ৷

witchcraft Sonitpur
তেজপুৰ ডাইনী
author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 10:30 PM IST

তেজপুৰ, ২৭ ডিচেম্বৰ : শোণিতপুৰত দুটা দিনত সংঘটিত হ’ল দুটাকৈ ডাইনী সন্দেহত আক্ৰমণৰ ঘটনা ৷ উক্ত ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে । স্বাভাৱিকতেই সচেতন মহলত চিন্তা হৈছে সমাজৰ ভৱিষ্যতক লৈ ।

আজিও অন্ধবিশ্বাস, কু-সংস্কাৰৰ পৰা একাংশ লোক মুক্ত হ’ব নোৱৰা বিষয়টো সমাজ, চৰকাৰ তথা প্ৰশাসনৰ বাবেও বৃহৎ প্ৰত্যাহ্বান ।

উল্লেখ্য যে, দেওবাৰে নিশা তেজপুৰৰ নিকটৱৰ্তী নিজ বাঁহবাড়িত ডাইনীৰ সন্দেহত এগৰাকী মহিলাক হত্যা কৰাৰ পাছত বুধবাৰে আৰক্ষীয়ে উক্ত ঘটনাৰ সন্দৰ্ভত অংকিতা কাপি নামৰ এগৰাকী মহিলাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।

জিলাখনৰ বৰছলা সমষ্টিৰ অন্তৰ্গত অতি পিছপৰা অঞ্চলটোত যোগাযোগ ব্যৱস্থা, শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ উন্নতিৰ বাবে জিলা প্ৰশাসনে বিভাগীয় বিষয়ববীয়াসকলক নিৰ্দেশনা প্ৰদান কৰে । অঞ্চলটোত চলি থকা অবৈধ দেশীয় সুৰাৰ ঘাটিসমূহ উচ্ছেদ কৰাৰ লগতে জনসাধাৰণৰ মাজত থকা অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সৰৱ হৈ পৰিছে জিলা প্ৰশাসন । উক্ত অঞ্চলত যোগাযোগ আৰু শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰাৰ কষেত্ৰত জিলা আয়ুক্তই বিশেষ তৎপৰতা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷

ইফালে সংগীতা কাপি নামৰ ৩০ বছৰীয়া বিবাহিতা মহিলাগৰাকীক ডাইনীৰ সন্দেহত হত্যা কৰা ঘটনাৰ সংক্ৰান্তত ইতিমধ্যে আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজন হ’ল অজয় চাংহাৰ, টিংকো মালহাৰ ,সূৰয বাঘোৱাৰ আৰু ধীৰাজ বাঘোৱাৰ ৷ আনহাতে বাবলু নাকঘৰ আৰু বাইটা চাংহাৰক নামৰ আন দুজন অভিযুক্ত পলাতক অৱস্থাত আছে ।

গ্ৰেপ্তাৰ কৰা লোককেইজনক বুধবাৰে তেজপুৰ আদালতত হাজিৰ কৰোৱাৰ সময়ত অলপো অনুসূচনা নকৰাকৈ ডাইনী সন্দেহতে সংগীতা কাপিক হত্যা কৰা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ।

আনহাতে শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চটাই নমাইলত ডাইনী সন্দেহত দম্পতীৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰে একাংশ লোকে । সীমান্তৱৰ্তী চটাই নমাইলত ঘটনাটো সংঘটিত হয়৷

চাৰিদুৱাৰ অসম-অৰুণাচল সীমান্তৰ চটাই নমাইল গাঁৱত ষাঠী উৰ্ধৰ দম্পতী ফিলোৰাম বসুমতাৰী আৰু তেওঁৰ পত্নী চৰাই বসুমতাৰীৰ বিৰুদ্ধে ডাইনীৰ অভিযোগ তুলি গাঁওখনৰ ৰাইজে পৰিয়ালটোৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বাৰীৰ সকলো গছ-গছনি কাটি তহিলং কৰি গাঁওখনৰ পৰাই বিতাড়িত কৰে৷

উল্লেখ্য যে, অঞ্চলটোত বিগত ৫ বছৰ পূৰ্বে মাটি ক্ৰয় কৰি বাস কৰা তথা দিন হাজিৰা কৰা ফিলোৰাম বসুমতাৰীক কালি পুৱা বৈশিষ্ঠ বসুমতাৰী নামৰ এজন লোকে ফিলোৰামৰ পত্নীকো এখন ঘৰত বহুৱাই লৈ নিজকে ডাইনী বুলি মানি ল’বলৈ বাধ্য কৰায় ৷

পাছত পৰিয়ালটোৰ ঘৰ-দুৱাৰ ধ্বংস কৰি সামগ্ৰীসমূহ পথৰ দাঁতিত পেলাই থৈ গাঁওবাসীয়ে পৰিয়ালটোক খেদি পঠিয়ায় । পৰৱৰ্তী সময়ত দুৰ্ভগীয়া পৰিয়ালটো চাৰিদুৱাৰ আৰক্ষী থানাত উপস্থিত হয় ৷

লগতে পঢ়ক: ডাইনীৰ সন্দেহত মহিলাক হত্য়া, ঘটনাস্থলীত জিলা আয়ুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.