ETV Bharat / state

Wild elephant died : ১১ দিনৰ পাচত মৃত্যু হ’ল ঠেলামৰাৰ পিটনিত আৱদ্ধ হৈ থকা হাতীটোৰ - Locals demand to rescue elephant

শোণিতপুৰৰ ঠেলামৰাৰ এটা পিটনিত আৱদ্ধ হৈ থকা হাতীটোৰ মৃত্যু হ’ল । যোৱা ১১ দিনে পিটনিত আৱদ্ধ হৈ জীৱন-মৃত্যুৰে যুঁজ দি আছিল হাতীটোৱে (Wild elephant died)৷

Wild elephant died
পিটনিত আৱদ্ধ হৈ থকা হাতীটোৰ মৃত্যু
author img

By

Published : Jun 1, 2023, 2:18 PM IST

তেজপুৰ, ১ জুন : অৱশেষত মৃত্যু হ’ল শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ঠেলামৰা তেলীয়াগাঁৱৰ পিটনিত আৱদ্ধ হৈ থকা বনৰীয়া হাতীটোৰ (Wild elephant died at Tezpur) ৷ যোৱা ১১ দিন ধৰি পিটনিত আৱদ্ধ হৈ আছিল এই হাতীটো ৷ বহু চেষ্টা কৰিও কিন্তু বিগত ১১ দিনে হাতীটোক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল বন বিভাগৰ লোকে । ফলত বন বিভাগে নদীৰ পাৰৰ পৰাই হাতীটো নিৰীক্ষণ কৰি আছিল (Wild Elephant stuck in Wetland)৷

জানিব পৰা মতে, ব্ৰহ্মপুত্ৰৰ পাৰৰ এটা পিটনিত সোমাই বন্যহস্তীটো আৱদ্ধ হৈ থকা চাৰিদিন পিছৰে পৰা বন বিভাগৰ লোকে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰি আছিল । বন বিভাগে পৰৱৰ্তী সময়ত বন্যপ্ৰাণী সংস্থা ডব্লিউ ডব্লিউ এফ (WWF) ৰ তৰফৰ পৰা চিকিৎসা প্ৰদান কৰাৰ পিছত বিশিষ্ট বন্যপ্ৰাণী চিকিৎসক পদ্মশ্ৰী ডাঃ কে কে শৰ্মাই চিকিৎসা হাতীটোক প্ৰদান কৰে ।

চিকিৎসক শৰ্মাই ইটিভি ভাৰতক জনায় যে হাতীটোৰ পিচফালৰ বাওঁ ভৰিখন ভাঙি যোৱাৰ ফলত হাতীটো পানীৰ পৰা উঠিবলৈ পৰা নাছিল ৷ আনকি হাতীটোৰ লিভাৰৰ ইনফেক্টচনো হৈছিল ৷ অৱশ্যে হাতীটোক পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰা হৈছিল বুলি তেওঁ জানিব দিয়ে ।

লগতে পঢ়ক : Rhino terror at Mariani: মৰিয়নিত নলাত আবদ্ধ এশিঙীয়া গঁড়

উল্লেখ্য যে, কিছুদিন পূৰ্বে বনৰীয়া হাতীটো কোন অঞ্চলৰ পৰা আহি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এটা পিতনিত আৱদ্ধ হৈ পৰিছিল ৷ অৱশ্যে সেই বিষয়ে স্থানীয় লোক জ্ঞাত নাছিল । দেওবাৰে বিয়লি হাতীটো পিতনিত দেখি স্থানীয় ৰাইজে বন বিভাগৰ লগত যোগাযোগ কৰে ৷ তাৰ পিচতেই বন বিভাগৰ লোক উপস্থিত হৈ হাতীটো পৰ্যবেক্ষণত ৰাখে (Locals demand to rescue elephant)।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হাতীটো ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই । লক্ষ্যণীয় যে, হাতীটোৱে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নোপোৱাত ক্ৰমাৎ দুৰ্বল হৈ পৰিছিল ৷ ফলত আৱদ্ধ হৈ থকা ১১ টা দিনৰ অন্তত মৃত্যু হয় হাতীটোৰ ৷

ইফালে অসম চৰকাৰৰ উন্নত প্ৰযুক্তি কৌশল থকাৰ পাচতো এই হাতীটো উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰিব নোৱাৰাটো বিষয়টো অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে স্থানীয় একাংশ লোকে ।

লগতে পঢ়ক : Wild Elephant stuck: সজুঁলিৰ অভাৱত বন বিভাগে উদ্ধাৰ কৰিব পৰা নাই পিতনিত আৱদ্ধ হাতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.