ৰঙাপৰা, ৮ অক্টোবৰ : শোণিতপুৰ জিলাৰ ৰঙাপৰাত শনিবাৰে পুনৰ উদ্ধাৰ হয় এটা বনৰীয়া হাতীৰ পোৱালি (Wild elephant cub rescued in Rangapara) । তিনিমহীয়া বনৰীয়া হাতীৰ পোৱালিটো মাকৰ বুকুৰ মাজৰ পৰা বিচ্ছিন্ন হৈ পৰে । আজি পুৱা ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ধেন্দাই চাহ বাগিচাৰ (Dhendai Tea Estate under Rangapara PS) ২৮ নং চেকচেনৰ নলাৰ মাজত আবদ্ধ হৈ থকা এটা বনৰীয়া হাতীৰ পোৱালিয়ে আৰ্তনাদ কৰি থকা শুনিবলৈ পায় স্থানীয় ৰাইজে ।
পিছত একাংশ শ্ৰমিক ৰাইজ আৰু বন বিভাগৰ লোকে বনৰীয়া হাতীৰ পোৱালিটো সুৰক্ষিতভাৱে নলাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Forest department rescued Wild elephant cub) । নিশা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায় ১২ জনীয়া এটা বনৰীয়া হাতীৰ জাক চাহ বাগিচাখনেৰে পাৰ হোৱাৰ সময়ত নলাত সোমায় হাতীৰ পোৱালিটো ।
তিনিমহীয়া মতা হাতীৰ পোৱালিটো নলাৰ মাজত আবদ্ধ হৈ পৰাত মাকজনীয়ে উঠাব নোৱাৰি অৱশেষত জাকটো পোৱালিটোৰ কাষতে বিচৰণ কৰি থাকে । ইয়াৰ পিছত বনৰীয়া হাতীৰ পোৱালিটোক মাকৰ সৈতে মিলন কৰাৰ চেষ্টা অব্যাহত ৰাখি অৱশেষত বন বিভাগ সফল হয় । মাকক বিচাৰি আৰ্তনাদ কৰি থকা হাতীৰ পোৱালিটোক মাকে আঁকোৱালি লোৱা দৃশ্যই সকলোকে মুগ্ধ কৰে ।
কিন্তু পৰৱৰ্তী সময়ত পুনৰ হাতীৰ পোৱালিটো চাহ বাগিচাৰ নলাত সোমাই আবদ্ধ হোৱাত জাকটোৰ সৈতে মাকজনী গুচি যায় । পিছত উপায়বিহীন বনৰীয়া হাতীৰ পোৱালিটোক আমাৰবাৰী বনাঞ্চলিক কাৰ্যালয়ে উদ্ধাৰ কৰি কাজিৰঙা পানপুৰস্থিত পুনৰ সংস্থাপন কেন্দ্ৰলৈ লৈ যায় ।
লগতে পঢ়ক :দৰঙত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত ৭ জন