ৰঙাপৰা,26 এপ্ৰিলঃ লক ডাউনৰ ফলত খাদ্য সংকটত ভুগিছে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ কপিকুল ৷ চাৰিদুৱাৰ-ভালুকপুং সংযোগী পথত অহা-যোৱা কৰা ৰাইজে পূৰ্বে বান্দৰবোৰক খাদ্যৰ যোগান ধৰি আহিছিল ৷ কিন্তু লক ডাউনৰ বাবে উক্ত পথচোৱাৰে ৰাইজে যাতায়ত বন্ধ কৰাত খাদ্য সংকটত ভুগিছে বান্দৰবোৰে ৷ যাৰ ফলত এতিয়া পথৰ কাষতে খাদ্যৰ আশাত ৰৈ থাকে বান্দৰৰ জাক ৷
এই সময়তেই উদ্যানখনত থকা কপিকুলক খাদ্যৰ যোগান ধৰিছে প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীয়ে ৷ সপ্তাহত দুদিনকৈ কপিকুলক খাদ্যৰ যোগান ধৰি আহিছে সৌৰভ বৰকটকীয়ে ৷ লগতে সাধাৰণ ৰাইজকো ৰাষ্ট্ৰীয় উদ্যানত থকা জীৱকুলক কিছু খাদ্যৰ যোগান ধৰাৰ বাবে আহ্বান জনাইছে প্ৰকৃতি প্ৰেমী গৰাকীয়ে ৷