ETV Bharat / state

ৰঙাপৰা মহাবিদ্যালয়ত দহদিনীয়া ভাৰোত্তোলন প্ৰশিক্ষণ শিবিৰ

author img

By

Published : Jul 30, 2019, 10:20 PM IST

ৰঙাপৰা মহাবিদ্যালয়ত দহদিনীয়া কাৰ্যসূচীৰে ভাৰোত্তোলন প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয় ৷ মঙলবাৰে সামৰণি পৰা অনুষ্ঠানত উপস্থিত থাকে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ৰঞ্জন কলিতা, বড়ো বিভাগৰ প্ৰবক্তা প্ৰশান্ত বড়ো আৰু 1983 চনৰ মিঃ অসম পংকজ বৰা ৷

ৰঙাপৰা মহাবিদ্যালয়ত দহদিনীয়া ভাৰোত্তোলন প্ৰশিক্ষণ শিবিৰ

ৰঙাপৰা,30 জুলাই : শোণিতপুৰ জিলাৰ ৰঙাপৰা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা দহদিনীয়া ভাৰোত্তোলন প্ৰশিক্ষণ শিবিৰৰ মঙলবাৰে সামৰণি পৰে ৷ যোৱা 21 জুলাইৰ পৰা আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰত মুঠ 70 গৰাকী প্ৰশিক্ষাৰ্থীক অসম চৰকাৰৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষক পাৰ্বতী তামাং আৰু অনুপ কোঁৱৰে প্ৰশিক্ষণ প্ৰদান কৰে। জিলা শৰীৰ চৰ্চা সন্থা,ৰঙাপৰা ছাই শক্তি শৰীৰ চৰ্চা,বালিপৰা ফিজিক শৰীৰ চৰ্চাৰ সহযোগত এই দহদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছিল। সামৰণী অনুষ্ঠানত ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড. ৰঞ্জন কলিতাই সভাপতিত্বত কৰাৰ উপৰি ৰঙাপৰা মহাবিদ্যালয়ৰ বড়ো বিভাগৰ প্ৰবক্তা প্ৰশান্ত বড়োৱে অনুষ্ঠানৰ আঁত ধৰে ৷ আদৰণী ভাষনত ৰঞ্জন কলিতাই মন্তব্য কৰে যে, প্ৰশিক্ষাৰ্থী সকলক দহ দিনত প্ৰাথমিক প্ৰশিক্ষণ প্ৰদান কৰা হ'ল আৰু নিয়মীয়া অনুশীলনৰ জৰিয়তে তেওঁলোকে নিজকে এগৰাকী খেলুৱৈৰ পৰিচয় দিবলৈ সক্ষম হ'ব । জিলা শৰীৰ চৰ্চা সংন্থাৰ সমন্বয়ক,ৰাষ্ট্ৰীয় পাঞ্জা ৰেফাৰী তথা 1983 চনৰ মিঃ অসম পংকজ বৰাই সেই সময়ৰ শোণিতপুৰ জিলাৰ শৰীৰ চৰ্চাৰ বিষয়ে উপস্থিত প্ৰশিক্ষাৰ্থীসকলক অৱগত কৰায় ।

অনুষ্ঠানটোত জিলা শৰীৰ চৰ্চা সংস্থাৰ সভাপতি হেমন্ত লহকৰ, আন্তৰ্জাতিক বিচাৰক অনুপ কোঁৱৰ, জিলা শৰীৰ চৰ্চাৰ সম্পাদক বিবোধ ডেকা, উপ সভাপতি ড. নাৰায়ণ বৰঠাকুৰ,বালিপৰা জিলা পৰিষদৰ সদস্য মৃণাল শইকীয়া,ৰঙাপৰা ক্ৰীড়া সংন্থাৰ সভাপতি বিৰাজ শইকীয়া, মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ৰনেন্দ্ৰ মোহন ডেকা উপস্থিত থাকি শৰীৰ চৰ্চা সম্পৰ্কে প্ৰশিক্ষাৰ্থী সকলক পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে। তাৰোপৰি,সামৰণী অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰও প্ৰদান কৰা হয় ৷ শেষত ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন কলিতাই পৰৱৰ্তী সময়ত 8 লাখ টকা ব্যয় সাপেক্ষে মহাবিদ্যালয়ত শৰীৰ চৰ্চাৰ সুবিধা লাভ প্ৰদান কৰিব বুলি সদৰী কৰে ৷

Intro:ৰঙাপৰা মহাবিদ্যালয়ত দহদিনীয়া ভাৰ উত্তোলন প্ৰশিক্ষণ শিবিৰৰ সামৰণীBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা দহদিনীয়া ভাৰ উত্তোলন প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে। যোৱা ২১ জুলাইৰ পৰা আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰত মুঠ ৭০ গৰাকী প্ৰশিক্ষাৰ্থীক অসম চৰকাৰৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষক পাৰ্বতী তামাং আৰু অনুপ কোঁৱৰে প্ৰশিক্ষণ দিছিল। জিলা শৰীৰ চৰ্চা সন্থাৰ উদ্যোগত আৰু ৰঙাপৰাৰ ছাই শক্তি শৰীৰ চৰ্চা, বালিপৰা ফিজিক শৰীৰ চৰ্চাৰ সহযোগত দহদিনিয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। সামৰণী অনুষ্ঠানটিত সভাপতিত্বত কৰে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাই। অনুষ্ঠানটোৰ আত ধৰে ৰঙাপৰা মহাবিদ্যালয়ৰ বড়ো বিভাগৰ প্রবক্তা প্রশান্ত বড়োৱে।আদৰনি ভাষনত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাই কয়- প্ৰশিক্ষাৰ্থী সকলক দহ দিনত প্ৰশিক্ষণসকলে প্ৰাথমিক প্ৰশিক্ষণ দিলে। কিন্তু নিয়মীয়া অনুশীলনৰ জৰিয়তে যুৱক-যুৱতীসকলে এগৰাকী খেলুৱৈৰ পৰিচয় দিবলৈ সক্ষম হব। জিলা শৰীৰ চৰ্চাৰ সংস্থাৰ সমন্বয়ক, ৰাষ্ট্ৰীয় পাঞ্জা ৰেফাৰী, ১৯৮৩ চনৰ মিঃ অসম পংকজ বৰাই সেই সময়ৰ শোনিতপুৰ জিলাৰ শৰীৰ চৰ্চাৰ বিষয়ে উপস্থিত প্রশিক্ষাৰ্থীসকলক অৱগত কৰাই। লগতে তেখেত এগৰাকী আন্তৰ্জাতিক খ্যাতসম্পন্ন বিচাৰকৰ হিচাপে স্বীকৃতি লাভ কৰি দায়িত্ব চলাই যোৱা বুলি সভাত উল্লেখ কৰে। অনুষ্ঠানটোত জিলা শৰীৰ চৰ্চা সংস্থাৰ সভাপতি হেমন্ত লহকৰ, আন্তৰ্জাতিক বিচাৰক অনুপ কোঁৱৰ, জিলা শৰীৰ চৰ্চাৰ সম্পাদক বিবোধ ডেকা, উপ সভাপতি ড০ নাৰায়ণ বৰঠাকুৰ, বালিপৰা জিলা পৰিষদৰ সদস্য মৃণাল শইকীয়া, ৰঙাপৰা ক্ৰীড়া সংন্থাৰ সভাপতি বিৰোজ শইকীয়া, মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ৰনেন্দ্র মোহন ডেকা উপস্হিত থাকি শৰীৰ চৰ্চা সম্পৰ্কে প্রশিক্ষাৰ্থী সকলক পৰামৰ্শমূলক বক্তব্য দাঙি ধৰে। ইফালে, সামৰণি অনুষ্ঠানত উপস্থিত থকা প্রতি গৰাকী প্রশিক্ষাৰ্থীক অতিথিসকলে মানপত্ৰ প্ৰদান কৰে। শেষত ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন কলিতাই পৰৱৰ্তী সময়ত ৮ লাখ টকা ব্যয় সাপেক্ষে ৰঙাপৰা মহাবিদ্যালয়ত শৰীৰ চৰ্চা কৰাৰ সুবিধা লাভ কৰিব সভাত সদৰী কৰে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.