তেজপুৰ,18 চেপ্তেম্বৰ: আজি বিশ্বকৰ্মা পূজা ৷ এই বিশ্বকৰ্মা পূজা অথবা বিশ্বকৰ্মা জয়ন্তী সমগ্ৰ দেশজুৰি প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কন্যা সংক্ৰান্তিত পালন কৰা হয় ৷ বিশ্বৰ নিৰ্মাতা তথা দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা বিশ্বাস কৰা বিশ্বকৰ্মাৰ আৰাধনাৰে সম্পন্ন হয় এই পূজা ৷
আজি পুৱাৰে পৰা সমগ্ৰ ৰাজ্যজুৰি অতি উলহ-মালহেৰে পালন কৰা হৈছে এই পূজা ৷ আকৰ্ষণীয়ভাৱে সজাই-পৰাই তুলা হৈছে পূজা মণ্ডপসমূহ ৷ ব্যৱসায়িক প্ৰতিষ্ঠান,উদ্যোগ,কাৰখানাসমূহত পুৱাৰে পৰা ব্যাপক আয়োজন কৰা হৈছে বিশ্ব খনিকৰৰ পূজাৰ্থে ৷ লগতে বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়সমূহতো পুৱাৰে পৰা এক ব্যস্ততাময় পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে৷
আজি তেজপুৰতো দিনজোৰা কাৰ্যসূচীৰে শোণিতপুৰ জাৰনেলিষ্ট ইউনিয়নৰ সাংবাদিক সকলে আয়োজন কৰে বিশ্বকৰ্মা পূজাৰ । পূজা উপলক্ষে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে সাংবাদিকসকলে৷