ETV Bharat / state

ভাৰত-তিব্বত সীমান্তৰ অন্তিমখন ভাৰতীয় গাঁৱৰ ৰাইজক প্ৰতিষেধক প্ৰদান - প্ৰতিষেধক প্ৰদান

দেশৰ বিভিন্ন প্ৰান্তৰ ভাৰত-তিব্বত সীমান্ততো তীব্ৰতৰ হৈছে টীকাকৰণ প্ৰক্ৰিয়া । অৰুণাচল প্ৰদেশৰ ভাৰত-তিব্বত সীমান্তৰ অন্তিমখন ভাৰতীয় গাঁও মাগো আৰু জেথাং চৰণীয়া ভূমিত দুদিনীয়াকৈ ক'ভিড-১৯ টিকাকৰণ শিবিৰৰ আয়োজন । এই টীকাকৰণ শিবিৰত ১৭৭ গৰাকী ১৮-৪৪ বছৰ বয়সৰ লোক আৰু ৪৫ বছৰৰ উৰ্ধৰ ১০ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হয় ।

Vaccination drive at Indo Tibbet Border area
অৰুণাচল প্ৰদেশৰ ভাৰত-তিব্বত সীমান্তৰ মাগো গাঁৱৰ লোকক প্ৰতিষেধক প্ৰদান
author img

By

Published : Jul 1, 2021, 1:52 PM IST

তেজপুৰ, ১ জুলাই: কালৰূপী ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বৰ্তমান সমগ্ৰ দেশত অব্যাহত আছে টীকাকৰণ অভিযান । দেশৰ আন আন স্থানৰ সমান্তৰালকৈ ভাৰত-তিব্বত সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজকো প্ৰতিষেধক প্ৰদান কৰা হৈছে । অৰুণাচল প্ৰদেশৰ ভাৰত-তিব্বত সীমান্তৰ অন্তিমখন ভাৰতীয় গাঁও মাগো আৰু জেথাং চৰণীয়া ভূমিতো দুদিনীয়াকৈ ক'ভিড-১৯ টিকাকৰণ শিবিৰৰ আয়োজন কৰা হয় ।

মাগোৰ গাঁৱৰ ৰাইজৰ লগতে চুনাগ, লুংগুৰ আৰু চিৰগিয়াপ লাৰ গ্ৰেজাৰসকলৰ সুবিধাৰ্থে টপগি হটস্প্ৰিংত এই শিবিৰৰ আয়োজন কৰা হয় । আনহাতে, জেথাং চৰণীয়া ভূমিতো আন এটা টীকাকৰণ শিবিৰ অনুষ্ঠিত কৰা হয় । মাগো গাঁৱৰ পৰা জেথাং চৰণীয়া ভূমিলৈ প্ৰায় চাৰে চাৰি ঘণ্টা খোজকাঢ়ি যাবলগীয়া হয় ।

Vaccination drive at Indo Tibbet Border area
অৰুণাচল প্ৰদেশৰ ভাৰত-তিব্বত সীমান্তৰ মাগো গাঁৱৰ লোকক প্ৰতিষেধক প্ৰদান

মেৰাথাং, য়ায়াৰ য়াক পালকসকলৰ সুবিধাৰ্থে এই শিবিৰ আয়োজিত কৰা হয় । এই টীকাকৰণ শিবিৰত ১৭৭ গৰাকী ১৮-৪৪ বছৰ বয়সৰ লোক আৰু ৪৫ বছৰৰ উৰ্ধৰ ১০ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হয় । শিবিৰটোত ৰেপিড এণ্টিজেন পৰীক্ষা সম্পন্ন কৰা হয় যদিও কোনো লোকৰে দেহত ক'ভিড-১৯ৰ অৱস্থিতি ধৰা পৰা নাই । উল্লেখ্য যে, টাৱাং চহৰৰ পৰা ১৮০ কিলোমিটাৰ দূৰত থকা এই লোকসকলে য়াক পালন কৰি জীৱন নিৰ্বাহ কৰে ।

এই গাঁওখনত মুঠ ৭৫টা পৰিয়ালে বাস কৰে । যাতায়তৰ সু-ব্যৱস্থা নথকা এই অঞ্চলত স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত টীকাকৰণ অভিযান চলোৱা হয় । এই টীকাকৰণ শিবিৰৰ নেতৃত্ব দিয়ে জঙৰ অতিৰিক্ত উপায়ুক্ত আৰ ডি থুংগন আৰু টাৱাঙৰ ডি আৰ চি অ' ড০ ৰিনচিন নীমাই ।

টাৱাঙৰ জিলা পৰিষদ লেকি গম্বু আৰু ই এ চি মাগো থিংবু পেমতান মনপাই টীকাকৰণ অভিযানত সহযোগিতা আগবঢ়ায় আৰু এই সময়চোৱাত আন বিভিন্ন ৰোগত আক্ৰান্ত ২৫ গৰাকী ৰোগীৰ চিকিৎসা কৰে ড০ ৰিনচিন নীমাই । ইয়াৰ উপৰিও বিগত বৰ্ষত বানে সৰ্বস্বান্ত কৰা ছোলুংথিৰ পেম্পা নামৰ ব্যক্তিগৰাকীক অৰুণাচল প্ৰদেশ চৰকাৰৰ তৰফৰ পৰা এক লাখ পাঁচ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হয় । বিগত বৰ্ষৰ প্ৰলংয়কাৰী বানে অঞ্চলটোৰ ১০ জন লোকৰ প্ৰাণ কাঢ়ি নিছিল । আনহাতে, বানত বাসগৃহ ক্ষতিগ্ৰস্ত হোৱা আৰু ৬ টাকৈ য়াকৰ মৃত্যু হোৱাৰ বাবে য়েছি নামৰ আন এজন লোকক ৮০ হাজাৰ টকা সাহায্য আগবঢ়োৱা হয় ।

লগতে পঢ়ক:অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.