ETV Bharat / state

ভুৱা লিগেছীৰে নিজৰ নাম এনআৰচিত অন্তৰ্ভূক্ত কৰাৰ অভিযোগ

শোণিতপুৰ জিলাত প্ৰয়াত নৰেশ দাসৰ লিগেছী ব্যৱহাৰ কৰি প্ৰয়াত পৰেশ দাসৰ পুত্ৰ নিৰঞ্জন দাসে NRC ত নিজৰ নাম অন্তৰ্ভূক্ত কৰাৰ অভিযোগ ৷ এনে ঘটনাই NRC ৰ কাম কাজত হোৱা বিসংগতিৰ লগতে ভুৱা লিগেছীৰে  বহু বিদেশী নাগৰিকৰ নাম NRC ত অন্তৰ্ভূক্ত হোৱাৰ কথাই প্ৰমাণ কৰিছে৷

ভুৱা লিগেছীৰে নিজৰ নাম এনআৰচিত অন্তৰ্ভূক্ত কৰাৰ অভিযোগ
author img

By

Published : Aug 27, 2019, 5:44 PM IST

তেজপুৰ,২৭আগষ্ট : উচ্চতম ন্যায়ালয়ৰ তৎপৰতাত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ কাম ইতিমধ্যে সমাপ্তিৰ দিশত । অহা ৩১ আগষ্টত প্ৰকাশ পাব এনআৰচিৰ চূড়ান্ত খচৰা । কিন্তু এতিয়াও ভুৱা লিগেছীৰে নিজৰ নাম এনআৰচিত অন্তৰ্ভূক্ত কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে একাংশ অসাধু লোকে । এনে এক ঘটনা সংঘটিত হোৱাৰ অভিযোগ শোণিতপুৰ জিলাত ।শোণিতপুৰ জিলাৰ কেহেৰু খন্দাৰ প্ৰয়াত নৰেশ দাসৰ তিনি পুত্ৰ শান্তিৰাম দাস ,প্ৰশান্ত দাস আৰু সুশান্ত দাস । নৰেশ দাসৰ লিগেছী নম্বৰ (3060 204111 33501) । কিন্তু প্ৰয়াত নৰেশ দাসৰ লিগেছী ব্যৱহাৰ কৰি প্ৰয়াত পৰেশ দাসৰ পুত্ৰ নিৰঞ্জন দাসে NRC ত নিজৰ নাম অন্তৰ্ভূক্ত কৰাৰ অভিযোগ উঠিছে । আনহাতে এই বিষয়ে জিলা উপায়ুক্তৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত বহুবাৰ অভিযোগ দাখিল কৰিলে প্ৰয়াত নৰেশ দাসৰ পুত্ৰ সকলে । কিন্তু NRC ৰ খচৰা প্ৰকাশৰ মাত্ৰ 4 দিন পূৰ্বেও ইয়াৰ কোনো সমাধান নাপালে নৰেশ দাসৰ পুত্ৰ সুশান্ত দাসে৷

ভুৱা লিগেছীৰে নিজৰ নাম এনআৰচিত অন্তৰ্ভূক্ত কৰাৰ অভিযোগ

আনহাতে , 5051 কেন্দ্ৰৰ এনআৰচিৰ দায়িত্বত থকা বিষয়া জনে অভিযোগ প্ৰতি অভিযোগেৰে বিষয়টো মিলাই ল'বলৈ কোৱাত ক্ষোভিত হৈ পৰে নৰেশ দাসৰ পুত্ৰ সুশান্ত দাস । ইপিনে এনে ঘটনাই NRC ৰ কাম কাজত হোৱা বিসংগতিৰ লগতে ভুৱা লিগেছীৰে বহু বিদেশী নাগৰিকৰ নাম NRC ত অন্তৰ্ভূক্ত হোৱাৰ কথাই প্ৰমাণ কৰিছে৷

Intro:তেজপুৰ,২৭আগষ্ট : উচ্চতম ন্যায়ালয়ৰ তৎপৰতাত চলি থকা নাগৰিক পঞ্জীৰ উন্নীতকৰণ কাম ইতিমধ্যে সমাপ্তি ৰ দিশত ।অহা ৩১ আগষ্ট ত প্ৰকাশ পাব চূড়ান্ত খচৰা ।কিন্তু এতিয়াও ভুৱা লিগেছী ৰে নিজৰ নাম NRC ত অন্তৰ্ভুক্ত কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে এটা অসাধু চক্ৰ ই । এনে এক ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাত ।

Body:শোণিতপুৰ জিলাৰ কেহেৰু খনদাৰ প্ৰয়াত নৰেশ দাসৰ তিনি পুত্ৰ শান্তিৰাম দাস ,প্ৰশান্ত দাস আৰু সুশান্ত দাস । নৰেশ দাসৰ লিগেছী নম্বৰ (3060 204111 33501) । কিন্তু প্ৰয়াত নৰেশ দাসৰ লিগেছী ব্যৱহাৰ কৰি পৰেশ দাসৰ এইজন (ফটো) নিৰঞ্জন দাস নামৰ পুত্ৰই NRC ত নামভৰ্তি ৰ বাবে ব্যৱহাৰ কৰিছে নৰেশ দাসৰ লিগেছী । এই বিষয়ে জিলা উপায়ুক্ত ৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত বহুবাৰ অভিযোগ দাখিল কৰিলে প্ৰয়াত নৰেশ দাসৰ পুত্ৰ সকলে । কিন্তু সকলো যেন অথলে গল । NRC ৰ খচৰা প্ৰকাশ ৰ মাত্ৰ 4 দিন পূৰ্বে এই বিষয়ে সংবাদ মাধ্যমৰ কাষ চাপে সুশান্ত দাসে ।
Bite: সুশান্ত দাস।

Conclusion:আনহাতে , 5051 কেন্দ্ৰৰ Disposing Officer জনে অভিযোগ প্ৰতি অভিযোগ ৰ বিষয়টো মিলাই লবলৈ কোৱাতহে তাৎপৰ্য বহন কৰিছে । কি মিলাব বা কত কেনেকৈ মিলাব ? এজন চৰকাৰী বিষয়াৰ এনে ব্যক্তবই প্ৰমাণ কৰে নেকি, নে ৰৈ গৈছে নেকি NRC ৰ কাম কাজত বহু আসোঁৱাহ বা ভুৱা লিগেছীৰে সোমাইছে নেকি বহু বাংলাদেশী ৰ নাম NRC ত, সেইটোহে এতিয়া কোটি টকীয়া প্ৰশ্ন !

প্ৰণৱ কুমাৰ দাস ।
তেজপুৰ
২৭/৮/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.