ETV Bharat / state

Fury of Traffic Jam: তেজপুৰ চহৰৰ মূৰৰ কামোৰণি হৈ পৰিছে অবাঞ্ছিত যান জঁট

author img

By

Published : Aug 16, 2023, 9:25 PM IST

যান-জঁটৰ সমস্যাই জীয়াতু ভোগাইছে তেজপুৰ বাসীক ৷ চহৰখনত গঢ় লৈ উঠা বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানৰ নিজাকৈ পাৰ্কিং এলেকা নথকাত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে ৷

traffic jam
অবাঞ্ছিত যান জঁট

তেজপুৰ, ১৬ আগষ্ট : পাৰ্কিং বিহীন ব্যৱসায় প্ৰতিষ্ঠানে ভয়ংকৰ যান জঁটৰ সৃষ্টি কৰিছে তেজপুৰ চহৰৰ মাজ মজিয়াত । অবৈধ পাৰ্কিং আৰু অবাধ ই-ৰিক্সাৰ প্ৰচলনে তেজপুৰ কনকলতা চিকিৎসালয়লৈ অহা ৰোগীৰ বাবে যমৰ যাতনা মাতিছে । তেজপুৰ চহৰৰ মাধৱ ধামৰ পৰা আৰম্ভ কৰি চ'ক বজাৰলৈ পদ পথৰ দুয়োকাষে অবাঞ্ছিত পাৰ্কিঙৰ ফলত পথচাৰীয়ে মূল পথটোৱেদি জিলা উপায়ুক্ত কাৰ্যালয়লৈ অহাত ব্যাঘাত জন্মিছে । এই যান বাহনৰ অনাকাংক্ষিত পাৰ্কিং আৰু শেহতীয়াকৈ মাধৱ ধামৰ পৰা কনকলতা চিকিৎসালয়ৰ সমীপত গঢ় লৈ উঠা একাংশ ব্যৱসায় প্ৰতিষ্ঠানলৈ সামগ্ৰী কঢ়িয়াই অনা প্ৰকাণ্ড ট্ৰাক ৰখাই থোৱাৰ ফলত অভাৱনীয় যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ।

traffic jam
অবাঞ্ছিত যান জঁট

তেজপুৰ পৌৰ সভাৰ আশীষত গঢ় লৈ উঠা এই প্ৰকাণ্ড ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ নাই গ্ৰাহকৰ বাবে পাৰ্কিং ব্যৱস্থা । পৌৰ সভা, নগৰ উন্নয়ন বিভাগৰ বুজাপৰা আৰু জিলা প্ৰশাসনৰ অমনযোগিতা আৰু আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবে এই পৰিৱেশৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপিত হৈছে । লগতে তেজপুৰ চহৰত প্ৰয়োজনতকৈ অধিক ই-ৰিক্সাক অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ ফলত এতিয়া চহৰৰ কনকলতা চিকিৎসালয়ৰ পৰা ত্ৰিবেণী, আদালত চাৰিআলিলৈ এই ই-ৰিক্সাৰ আস্থান গঢ়ি উঠাৰ ফলত অভাৱনীয় হাৰত যান বাহনৰ ভিৰ পৰিলক্ষিত হৈছে ।

traffic jam
অবাঞ্ছিত যান জঁট

ই-ৰিক্সাত কম প্ৰদূষণৰ অজুহাত উলিয়াই জিলা পৰিবহণ বিভাগে চহৰত নতুন নতুন ডিলাৰৰো স্থাপনৰ সুবিধা প্ৰদান কৰি দিছে আৰু দৈনিক নতুন ই-ৰিক্সাৰ পঞ্জীয়ন হৈছে । এই ই-ৰিক্সাৰ প্ৰচলনৰ বাবে এখন সৰু চহৰৰ মাজত কিমানখনৰ অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰয়োজন সেই বিষয়ে চিন্তা চৰ্চা নকৰাৰ ফলত এইবোৰৰ অবাধ প্ৰচলনে সকলোৰে বাবে বিপর্যয় কঢ়িয়াই আনিছে ।

traffic jam
অবাঞ্ছিত যান জঁট

মাধৱ ধামৰ সমীপত তেজপুৰ যান বাহন আৰক্ষীয়ে এখন ন' পাৰ্কিং ব’ৰ্ড লগাই মাজে মাজে পথটো বন্ধ কৰি শ্বপিং মলসমূহৰ বাবে সুবিধা প্ৰদান কৰে কাৰণ তেওঁলোকৰ কোনো পাৰ্কিং ব্যৱস্থা নাই । আনহাতে পুৰণা অনন্ত চিনেমা হল হৈ চিত্ৰবন বাকৰিৰ পথত দুয়োকাষে পাৰ্কিঙৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ অহা যোৱাত ব্যাপক দুৰ্যোগৰ সৃষ্টি হৈছে । বিগত ২০২২ চনৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে প্ৰাক্তন অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ নেতৃত্বত তেজপুৰত হোৱা এক পথ সুৰক্ষা বৈঠকত এই বিষয়ে বিশদ আলোচনা কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছিল ।

এতিয়া তেজপুৰ চহৰৰ চাৰিওফালে সকলো পথত অনাকাংক্ষিত যান-জঁট আৰু অবৈধ পাৰ্কিং । সদৰ থানাৰ পৰা ৰিলায়েন্স শ্বপিং মল, চেফৰণ আৰু দুটাকৈ চিনেমাৰ হলৰ মাজত মাত্ৰ এটা পাৰ্কিং ব্যৱস্থা থকাৰ ফলস্বৰূপে সদৰ থানাৰ পৰা আদালত চাৰিআলিলৈ দৈনিক অভাৱনীয় যান-জঁটত সাধাৰণ ৰাইজে জ্বলা-কলা খাবলগীয়া অৱস্থা হৈছে । মুঠতে তেজপুৰ চহৰত এতিয়া যান-বাহনৰ অবাঞ্ছিত ভিৰ !

লগতে পঢ়ক : ULFA (I) linkman detained: আলফা (স্বাধীন)ৰ লিংক মেনৰ সন্দেহত জামুগুৰিহাটত এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.