ৰঙাপৰা, 7 মে’ : ৰঙাপৰাৰ এখন বিয়াত শুনিবলৈ পোৱা নগ’ল বেণ্ড পাৰ্টিৰ শব্দ আৰু আয়তিসকলৰ বিয়া নাম ৷ কৰ’ণা মহামাৰীৰ বাবেই ৰাজ্য চৰকাৰে জনসমাগম ৰোধৰ ক্ষেত্ৰত মিনি লকডাউন, নৈশ সান্ধ্য আইনৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্য চৰকাৰে শেহতীয়াকৈ বিবাহৰ ক্ষেত্ৰত বিবাহ আৰু অভ্যৰ্থনা অনুষ্ঠানত সৰ্বাধিক ২০ গৰাকী লোককহে সমাগমৰ অনুমতি প্ৰদান কৰিছিল । মহামাৰী ক’ভিড আৰু চৰকাৰী নীতি নিদেৰ্শনাৰ মাজতে ৰঙাপৰাৰ নামনি গাঁৱত এখন ব্যতিক্ৰৰ্মী বিয়া সম্পন্ন হয় ।
কইনা ঘৰতে কইনাক অনুষ্টুপীয়াকৈ জোৰণ পিন্ধায় নলবাৰীৰ পৰা অহা দৰা ঘৰৰ পৰিয়ালটোৱে । কইনা ঘৰত মহিলাসকলে সামাজিক দূৰত্ব মানি জোৰণ অৰ্থাৎ কইনাক আ-অলংকাৰ পিন্ধোৱা কাৰ্য সম্পন্ন কৰে । অসমীয়া সমাজত জোৰণ দিনা কোনো কইনাক দৰা ঘৰলৈ পঠিয়াই দিয়াৰ নজিৰ নাই ৷ কিন্তু উপায় বিহীন হৈ কইনাৰ পিতৃ মাতৃ আৰু গাঁৱখনৰ ৰাইজে আবেগিক পৰিৱেশৰ মাজত দৰা অবিহনে কইনাক নতুন সাজ আৰু আ-অলংকাৰ পিন্ধাই জোৰণৰ দিনাই বিদায় দিবলৈ বাধ্য হয় ৷
উল্লেখ্য যে, বহুদিন আগতে ৰঙাপৰাৰ নামনি গাঁৱৰ নিবাসী ধীৰেন দাসৰ জ্যেষ্ঠ কন্যাৰ লগত নলবাৰীৰ কমাৰকুছি ওজাতোলাৰ নিবাসী তপন তালুকদাৰ জ্যেষ্ঠ পুত্ৰ মিন্টু তালুকদাৰৰ ৮ মে’ত বিবাহৰ দিন ধাৰ্য্য কৰা হৈছিল । কিন্তু ক’ভিড মহামাৰীয়ে দুয়োটা পৰিয়ালৰ আশাত চেচাঁ পানী ঢালিলে । বিবাহ ঘৰলৈ অহা কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে মাস্ক পৰিধান কৰি সামাজিক দুৰত্ব মানি বিবাহ স্থলীত উপস্থিত হয় । সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি সম্পন্ন হ’ল বিবাহখন ৷
লগতে পঢ়ক: গোলাঘাটত মাস্ক পৰিধান নকৰা লোকৰ ডিঙিত প্ৰশাসনে ওলমালে ফলক