ETV Bharat / state

বঙালী সংগঠনৰ সভাস্থলীত উৰিল আলফা (স্বা)ৰ পতাকা - ঢেকিয়াজুলিৰ শ্বহীদ ময়দান

ঢেকীয়াজুলিৰ আকাশত উৰিল আলফা (স্বা) ৰ পতাকা ৷ ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে আয়োজন কৰিছিল অভিৱৰ্তন ৷ য'ত জন্ম লাভ কৰে এটা নতুন দল ভাৰতীয় গণ পৰিষদে ৷ কিন্তু আশ্বৰ্যজনকভাৱে সভাস্থলীতে উৰি আছিল আলফা (স্বা) ৰ পতাকা খন ৷

ঢেকীয়াজুলিৰ আকাশত উৰিল আলফা (স্বা) ৰ পতাকা

author img

By

Published : Oct 11, 2020, 10:58 PM IST

তেজপুৰ, 11 অক্টোবৰ : শ্বহীদ নগৰী ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত দেওবাৰে আত্মপ্ৰকাশ ঘটিল আন এটা ৰাজনৈতিক দলৰ ৷ অসমত বসবাস কৰা হিন্দু-বঙালী সকলৰ সাংবিধানিক তথা মৌলিক অধিকাৰ ৰক্ষাৰ স্বাৰ্থত অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে ঢেকিয়াজুলি চহৰৰ মাজ মজিয়াস্থিত শ্বহীদ ময়দানত অনুষ্ঠিত কৰিছিল জাতীয় অভিৱৰ্তন ৷ এই অভিৱৰ্তনতে গঠন হ’ল "ভাৰতীয় গণ পৰিষদ" ৰ ৷ নৱগঠিত দলটোৰ কৰ্মকৰ্তাসকলে ৫০ খনতকৈ অধিক আসনত প্ৰতিদন্দ্বিতা কৰাৰ লগতে, ২০ খনতকৈয়ো অধিক আসন লাভ কৰি ২১ ত চৰকাৰ গঠনৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে সভাখনত ৷

বঙালী সংগঠনৰ সভাস্থলীত উৰিল আলফা (স্বা)ৰ পতাকা

কেইবা শতাধিক লোকৰ সমাৱেশত অনুষ্ঠিত অভিৱৰ্তন খন ঠিকেই চলি আছিল ৷ দলটোৰ গুণানুকীৰ্তনৰ লগতে, আগন্তুক নিৰ্বাচনত জয়ী হ'লে তেওঁলোকে কৰিবলগীয়া এজেণ্ডা সমূহৰ ব্যাখ্যালৈ সকলো চলি আছিল সুচাৰুভাৱে ৷ কিন্তু তাৰ মাজতে ঘটিল এক অঘটন ৷ অভিৱৰ্তন চলি থকা সময়তে সভাস্থলীত কোনো অজ্ঞাত লোকে উৰুৱাই থৈ গ'ল আলফা (স্বা) ৰ পতাকা ৷ যাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অভিৱৰ্তনস্থলীত ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে উক্ত পতাকাখন আঁতৰাই দিয়ে আৰু কোনো দুষ্ট চক্ৰই এনে কাৰ্য সংঘটিত কৰিছে বুলি জানিবলৈ দিয়ে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধ জ্যোতি দেৱ মহন্তই ৷

লগতে পঢ়ক: কৰ্মীৰ পদত্যাগৰ বাবে হাগ্ৰামা মহিলাৰী দায়ী: প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.