ETV Bharat / state

মুম্বাই বিমানবন্দৰত আটক ডুমডুমাৰ দুই কিশোৰ, বিদ্যালয়লৈ আহি হৈছিল নিখোঁজ

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 10:38 PM IST

Updated : Jan 4, 2024, 10:54 AM IST

Assam youths detained in Mumbai : মুম্বাই বিমানবন্দৰৰ পৰা আটক ডুমডুমাৰ পৰা নিখোঁজ হোৱা দুই কিশোৰ ৷ উদ্ধাৰ হোৱা দুই কিশোৰ ডুমডুমা ডনবস্কো হাইস্কুলৰ দুই ছাত্ৰ ৷

Two students missing from Doom Dooma
মুম্বাই বিমানবন্দৰৰ পৰা আটক ডুমডুমাৰ দুই কিশোৰ

নিউজ ডেস্ক, ৩ জানুৱাৰী: মুম্বাই বিমানবন্দৰৰ পৰা আটক ডুমডুমাৰ পৰা নিখোঁজ হোৱা দুই কিশোৰ ৷ বুধবাৰে দুগৰাকীকৈ কিশোৰ ছাত্ৰৰ নিৰুদ্দেশৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল উজনিৰ তিনিচুকীয়া জিলাৰ ডুমডুমা অঞ্চলত ৷ অৱশেষত সুদূৰ মুম্বাইত সন্ধান পোৱা গ’ল দুই কিশোৰৰ ৷ ইতিমধ্যে মহাৰাষ্ট্ৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে দুয়োকে ৷

উল্লেখ্য যে ডুমডুমা ডনবস্কো হাইস্কুলৰ নৱম শ্ৰেণীৰ দুজন ছাত্ৰ বুধবাৰে পুৱা স্কুললৈ অহাৰ পিচৰ পৰাই নিৰুদ্দিষ্ট হৈ থকা বুলি জানিব পৰা গৈছিল ৷ নিৰুদ্দিষ্ট ছাত্ৰ দুজনৰ এজন ডুমডুমা বেজবৰুৱা শৰণি নিউকলনীৰ নিবাসী মিন্টু মহন্ত আৰু শেৱালী মহন্তৰ একমাত্ৰ পুত্ৰ তথা ডুমডুমা ডনবোস্ক স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ অভিজ্ঞান মহন্ত (প্ৰিঞ্চ) । আনজন ধলা আৰক্ষী থানা এলেকাৰ মুন্না ষ্ট'ৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকী সন্তোষ কুমাৰ গুপ্তা আৰু ছৈখোৱা হিন্দী হাইস্কুলৰ শিক্ষয়িত্ৰী সুমন গুপ্তাৰ সন্তান শুভম গুপ্তা ।‌

দুয়োজন ছাত্ৰ বুধবাৰে বিদ্যালয়লৈ বুলি আহি পাচত বিদ্যালয়ৰ সমুখৰপৰা সন্ধানহীন হয় । জানিব পৰা মতে অভিজ্ঞানক মাকে নিতৌ অনা-নিয়া কৰে ৷ আন দিনাৰ দৰে আজিও পুত্ৰক মাকে বিদ্যালয়ৰ গেটৰ সন্মুখতে থৈ আহিছিল ৷ সেই সময়তে অভিজ্ঞানে লগৰীয়াজনৰ সৈতে কথা আছে বুলি কৈ মাকক পঠিয়াই দিয়ে । আনহাতে ধলাৰ শুভম গুপ্তা পুৱা গাড়ীৰে বিদ্যালয়লৈ আহে আৰু দুয়োজন স্কুলৰ সন্মুখতে লগ লাগে ।

উল্লেখযোগ্য যে ধলাৰ ছাত্ৰগৰাকীয়ে ঘৰৰ আলমাৰী খুলি লক্ষাধিক টকা লগত লৈ গৈছে । ইতিমধ্যে ঘটনাৰ খবৰ পাই পৰিয়ালৰ লোকে আৰক্ষীক নিৰুদ্দিষ্ট হোৱা ছাত্ৰ দুজনৰ প্ৰসংগত এজাহাৰ দিয়াত আৰক্ষীৰ দলে জিলাখনত তীব্ৰ অভিযান আৰম্ভ কৰে ।

আৰক্ষীৰ প্ৰাথমিক অভিযানত পুৱাৰ ভাগত দুয়োজন ছাত্ৰই তিনিচুকীয়াৰ ATC মলত সোমাই বিভিন্ন বস্তুৰ দাম সোধা চি চি টিভি ফুটেজত ধৰা পৰে যদিও পাচত ছাত্ৰ দুজন তাৰপৰা ওলাই কোন দিশে গ'ল সেই বিষয়ে আৰক্ষী নিশ্চিত হ'ব পৰা নাই । ইয়াৰ পিচতে বৃহস্পতিবাৰে পুৱা মুম্বাই বিমানবন্দৰত দুই ছাত্ৰক দেখি আটক কৰে মুম্বাই আৰক্ষীয়ে ৷

লগতে পঢ়ক: বনভোজ খাবলৈ যোৱা যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত, শিশুসহ 12জনৰ মৃত্যু

Last Updated : Jan 4, 2024, 10:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.