ETV Bharat / state

অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা: দুজনৰ মৃত্যু - ভূমিস্খলন

অৰুণাচল (Arunachal Pradesh)ত বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণ হৈ থকাৰ লগতে ঠাইবিশেষে ভূমিস্খলন হৈ আছে । ৰাজ্যখনত বাৰিষাৰ সময়ত প্ৰায়েই সংঘটিত হোৱা ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগত বহু লোকৰ অকাল মৃত্যু হৈছে ৷

Two person death at Arunachal Pradesh
অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনাঃ দুজনৰ মৃত্যু
author img

By

Published : Jun 7, 2021, 10:38 PM IST

ৰঙাপৰা, 7 জুন : অৰুণাচল প্ৰদেশ (Arunachal Pradesh)ত দেওবাৰে ভূমিস্খলনৰ ফলত সংঘটিত পথ দুৰ্ঘটনা(Road accident)ত এগৰাকী মহিলাসহ আন এজন লোকৰ মৃত্যু হয় । দেওবাৰে পুৱা প্ৰায় ৯ বজাত টাৱাং-ভালুকপুং সংযোগী পথচোৱাৰে এ এছ ০৭ এইচ ২০৪৫ নম্বৰৰ ৰঙা ৰঙৰ গাড়ীখন বমডিলাৰ পৰা ভালুকপুঙ অভিমুখে আহি থকা অৱস্থাত অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ জিৰ পইণ্টৰ সমীপৱৰ্তী ছেডল নামৰ ঠাইখিনিত হঠাৎ প্ৰচণ্ড ভূমিস্খলন হয় । ভূমিস্খলনত গাড়ীখন সম্পূৰ্ণভাৱে বিধ্বস্ত হয় ৷ পাচত এটা উদ্ধাৰকাৰী দলে এক্সভেটৰৰ সহায়ত গাড়ীখন পথৰ ওপৰলৈ তুলি আনে ৷

অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনাঃ দুজনৰ মৃত্যু

দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ চালক তথা ছেৰা বস্তিৰ নিৱাসী মাংলে ওৰফে মটু ভাইৰ ঘটনাস্থলীতে মৃত্যু হয় । ইফালে গাড়ীখনত থকা কমল ছোনাৰ আৰু তেওঁৰ পত্নী এই ঘটনাত গুৰুতৰভাৱে আহত হয় ৷ স্থানীয় লোকে ততাতৈয়াকৈ দুয়োকে স্থানীয় চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়ত কমল ছোনাৰৰ পত্নীৰ মৃত্যু হয় । আনহাতে কমল ছোনাৰৰ অৱস্থা সম্প্ৰতি সংকটজনক বুলি জানিব পৰা গৈছে । কমল ছোনাৰ আৰু পত্নী বমডিলাৰ আৰক্ষী ৰিজাৰ্ভৰ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, অৰুণাচলত (Arunachal Pradesh) বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণ হৈ থকাৰ লগতে ঠাই বিশেষে ভূমিস্খলন হৈ আছে । ৰাজ্যখনত বাৰিষাৰ সময়ত প্ৰায়েই ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগ (natural disasters)ৰ দৰে ঘটনা সংঘটিত হৈ আহিছে ।

লগতে পঢ়ক : আনন্দ মিশ্ৰৰ বিৰুদ্ধে NIA পৰ্যায়ৰ তদন্তৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.