ETV Bharat / state

তেজপুৰত ক’ভিড নীতি ভংগ কৰি অনুষ্ঠিত দুখনকৈ বিবাহ

author img

By

Published : Jun 12, 2021, 1:13 PM IST

Updated : Jun 12, 2021, 3:40 PM IST

ৰাজ্য চৰকাৰে প্ৰণয়ন কৰা ক’ভিড নীতি অনুসৰি ৰাজ্যৰ সকলো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা সম্পূৰ্ণ বন্ধ আছে তেনেস্থলত তেজপুৰ চহৰৰ মাজমজিয়াত কেনেকৈ এইদৰে অনুষ্ঠিত হ’ল বিবাহ (marriage) সেয়া সন্দেহৰ অৱকাশ আছে ।

two-marriages-held-in-tezpur-violating-covid-19-policy
তেজপুৰত ক’ভিড নীতি ভংগ কৰি অনুষ্ঠিত দুখনকৈ বিবাহ

তেজপুৰ, 11 জুন : ক’ভিড-19 (covid-19) ৰ নিষেধাজ্ঞাক বৃদ্ধাংগুষ্ঠ দেখোৱাই শোণিতপুৰ জিলা প্ৰশাসনৰ আৰু আৰক্ষী প্ৰশাসনৰ অজ্ঞাতে তেজপুৰ আৱৰ্ত ভৱনৰ কাষতে অনুষ্ঠিত হ’ল দুখনকৈ বিবাহ । সান্ধ্য আইন চলি থকা সময়তে তেজপুৰ জাহাজ ঘাটৰ দুৰ্গা মন্দিৰত অনুষ্ঠিত হয় এই বিবাহ । দৰা আৰু কইনাক মন্দিৰত বহুৱাই প্ৰায় শতাধিক লোকে বিবাহখনত ভাগ লয় ।

উল্লেখযোগ্য যে বিবাহ খনত কোনো লোকৰ মুখত নাছিল মাস্ক ,যদি কোনোৱে পিন্ধিছে সেয়া মাত্ৰ খুঁটৰীৰ তলত । তেজপুৰ চহৰৰ মাজমজিয়াত আৰক্ষী আৰু জিলা প্ৰশাসনে ক’ভিড-19ৰ সজাগতা, নিষেধাজ্ঞা ,নাকা চেকিং, ক’ভিড পৰীক্ষা কৰি পথচাৰীক সজাগ কৰি থকা সময়তে আৰক্ষীৰ নাকৰ তলতে ঘটিছে এই ঘটনা । এই ধৰণৰ কেবাটাও ঘটনা ফাদিল হৈছে জিলাখনত ৷

ইপিনে সাংবাদিকৰ কেমেৰা দেখি সচেতন লোকে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি বিবাহৰ অনুষ্ঠানত ভাগ ল’বলৈ অহা লোক সকলক মন্দিৰৰ পৰা উঠাই পঠোৱা দেখা যায় । ৰাজ্য চৰকাৰে প্ৰণয় কৰা ক’ভিড নীতি অনুসৰি ৰাজ্যৰ সকলো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা সম্পূৰ্ণ বন্ধ আছে তেনেস্থলত তেজপুৰ চহৰৰ মাজমজিয়াত কেনেকৈ এইদৰে অনুষ্ঠিত হ’ল বিবাহ সেয়া সন্দেহৰ অৱকাশ আছে । নে আৰক্ষীৰ সোপাধিলা নীতিৰ বাবে সংঘটিত হৈছে এনে আজব ঘটনা । ইতিমধ্যে পুৱাৰ ভাগত এই মন্দিৰত আন এখন বিবাহ সম্পন্ন হয় যদিও আৰক্ষী প্ৰশাসনৰ হাতত এই বিষয়ে নাই কোনো তথ্য ।

একেদৰে শোণিতপুৰ জিলাৰ বজাৰ সমূহত নাই কোনো ধৰণৰ সামাজিক দূৰত্ব । শোণিতপুৰ জিলাত ক'ভিড-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে দুৰ্যোগ ব্যৱস্থাপনা আইন, 2005 ৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগৰে পৌৰ এলেকাৰ অধীনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী, দোকানী, পেট্ৰ’ল পাম্পৰ কৰ্মচাৰী, ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী আৰু অন্যান্য জড়িত কৰ্মচাৰীৰ অহা সাত দিনৰ ভিতৰত ৰেট পৰীক্ষা কৰাতো বাধ্যতামূলক কৰিছে ৷ ইতিমধ্যে দৰাৰ পিতৃক সোধ-পোচৰ বাবে আটক কৰিছে আৰক্ষীয়ে ৷

লগতে দোকানী, দোকানৰ গৰাকীয়ে পৰিদৰ্শনকাৰী দলক ৰেট পৰীক্ষাৰ ফলাফল নিগেটিভ হোৱাৰ প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰিব লাগিব ৷ এই ক্ষেত্ৰত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক সংশ্লিষ্ট চক্ৰ বিষয়াৰ লগত মিলি নিৰ্দিষ্ট বজাৰ এলেকাত বিশেষ ৰেট পৰীক্ষা শিবিৰৰ আয়োজন কৰিবলৈ উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বাজেটতে বন্ধ হ’ব "সুহৃদ"

Last Updated : Jun 12, 2021, 3:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.