তেজপুৰ, ১৫ আগষ্ট:স্বাধীনতা দিৱসত নাগালেণ্ডত বিদ্ৰোহী সংগঠনে যাতে কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে অসম ৰাইফলছৰ জোৱানে(Assam Rifles jawan injured in Nagaland)মন জিলাত অভিযান চলাই থকাৰ মাজতে ১৪ আগষ্টৰ পুৱতি নিশা এন এছ চি এনৰ (NSCN) সৈতে হোৱা সংঘৰ্ষত অসম ৰাইফলছৰ(Assam Rifles clash with NSCN K YA)দুজন জোৱান আহত হয় । জিলাখনৰ জাংখামৰ পৰা নিয়াচালৈ অহাৰ সময়তে নগা বিদ্ৰোহী সংগঠনটোৰ সৈতে অসম ৰাইফলছৰ জোৱানৰ মুখামুখি সংঘৰ্ষ হয় ।
নগা বিদ্ৰোহী সংগঠনটোৰ সদস্য়ক দেখাৰ লগে লগে অসম ৰাইফলছৰ জোৱানে গুলিবৰ্ষণ কৰাৰ পূৰ্বেই এন এছ চি এনৰ সদস্য়ই আক্ৰমণ কৰে । অসম ৰাইফলছৰ জোৱানেও ইয়াৰ প্ৰতুত্তৰ দিয়াত এন এছ চি এনৰ কেইবাজনো সদস্য় আহত হয় । আনহাতে, উক্ত আক্ৰমণত অসম ৰাইফলছৰ দুজন জোৱান আহত হয় । প্ৰতিৰক্ষা বিভাগৰ(Department of Defense)সূত্ৰই সোমবাৰে এই তথ্য় সদৰি কৰিছে । এই সূত্ৰটোৱে উল্লেখ কৰা মতে, আহত জোৱান দুজনক বিমানেৰে যোৰহাটৰ আইএএফ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
উল্লেখ্য় যে নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ মাজৰ আন্তঃৰাজ্যিক সীমাত অৱস্থিত মন জিলাৰ নিয়াছাত এই নগা বিদ্ৰোহী সংগঠনটোৰ আধিপত্য় আছে । ইয়াৰ মাজতেই অসম ৰাইফলছৰ জোৱানে উক্ত অঞ্চলটোত নিয়মীয়াকৈ তহল দি আছিল । স্বাধীনতা দিৱসত হ'ব পৰা যিকোনো আক্ৰমণ প্ৰতিৰোধৰ বাবে অভিযান চলাওতে অতৰ্কিতে বিদ্ৰোহী সংগঠনটোৰে মুখামুখি হয় । পিছত এন এছ চি এনৰ সদস্য়সকলে পলায়ণ কৰা বুলি প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই সদৰি কৰিছে ।
লগতে পঢ়ক:তিনিচুকীয়াত আলফা(স্বা)ৰ লিংকমেন প্ৰসংগত কি কয় আৰক্ষীয়ে