ETV Bharat / state

তেজপুৰত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু 12 গৰাকীৰ - Tezpur

শোণিতপুৰত বৃহস্পতিবাৰলৈকে 12 গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় ৷

তেজপুৰত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয় 12 গৰাকীৰ

author img

By

Published : May 6, 2021, 10:54 PM IST

তেজপুৰ,৬ মে': বৃহস্পতিবাৰে শোণিতপুৰত নতুনকৈ মুঠ ১৬০ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ উপৰিও তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এজন কৰ’ণা আক্ৰান্ত ব্যক্তিৰ মৃত্যু ঘটে ৷ জামুগুৰিহাটৰ কৰুণ নাথ নামৰ ব্যক্তিগৰাকীৰ বৃহস্পতিবাৰে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাচতে শোণিতপুৰত কৰ’ণাৰ প্ৰথম আৰু দ্বিতীয় ঢৌত এইপৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই 12 জনলৈ ৷

ইপিনে, তেজপুৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ মূল শাখাত বিহাৰৰ পৰা আহি তিনি মে’ত যোগদান কৰা দিৱেশ আনন্দ নামৰ কৰ্মচাৰীজনৰ দেহতো কৰ’ণাৰ সংক্ৰমণ ধৰা পৰাৰ বিপৰীতে তেজপুৰৰ বেন্দুকুৰী অঞ্চলৰ মাণিক দেৱনাথ নামৰ আন এজন 43 বছৰীয়া ব্যক্তিৰ মৃত্যু ঘটে এই ভাইৰাছত ফলত ৷

তেজপুৰত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয় 12 গৰাকীৰ
তেজপুৰত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয় 12 গৰাকীৰ

আনহাতে, শুকুৰবাৰৰ দিনটোত বন্ধ থাকিব তেজপুৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ মূল শাখাৰ সকলো কাম-কাজ ৷ শাখাটোত ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে শুকুৰবাৰে শাখাটোৰ সকলো কৰ্মচাৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব ৷ যাৰ বাবে শাখাটো বন্ধ ৰখাৰ কথা প্ৰকাশ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্তই ৷

বৃহস্পতিবাৰে তেজপুৰ পৌৰসভা, অগ্নি নিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱাৰ সহায়ত তেজপুৰ চহৰৰ বিভিন্ন ক’ভিড কেয়াৰ কেন্দ্ৰ স্থাপনৰ লগতে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত তেজপুৰ ৰাজহ চক্রৰ বিষয়া সংঘমিত্ৰা বৰুৱাৰ তত্বাৱধানত চেনিটাইজেছন কৰা হয় ৷ একেদৰে বালিপৰাতো স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ তত্বাৱধানত প্ৰক্ষালন অভিযান চলোৱা হয় ৷ বৰ্তমান জিলাখনত ৭১৯ গৰাকী লোক ক'ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৷

অন্য এক খবৰৰ বাবে: চাৰিমহীয়া সন্তানক বুকুত গুজি পদুলি মুখত অপহৃত ৰিতুল শইকীয়াৰ পত্নী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.