ETV Bharat / state

যান-যটে জুৰুলা কৰিছে তেজপুৰবাসীক

author img

By

Published : Mar 13, 2020, 5:21 PM IST

তীব্ৰ যান-যটৰ বাবেই তেজপুৰত ঘণ্টাৰ পাচত ঘণ্টা ধৰি ৰাজপথ থাকিব লগীয়া হৈছে যান-বাহন ৷ যান-যটৰ বাবেই 15 নং ৰাষ্ট্ৰীয় ঘাই পথত প্ৰথম খন উৰণীয়া সেতু নিৰ্মাণৰ বাবে বাজেট সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যদিও কেতিয়ালকৈ এই উৰণীয়া সেতু নিৰ্মাণ হৈ উঠে সেয়া লক্ষণীয় বিষয় ৷

তেজপুৰ
যান-যটে জুৰুলা কৰিছে তেজপুৰবাসীক

তেজপুৰ,১৩ মাৰ্চঃ তীব্ৰ যান-যটে জুৰুলা কৰিছে তেজপুৰৰ প্ৰৱেশ দ্বাৰ মিছন চাৰিআলিত ৷ ফলত ঘন্টা-ঘণ্টা ধৰি পথৰ দাঁতিত ৰখি থাকিব লগা হ'ল যান বাহন সমূহ । যদি আপুনি পুৱা গধূলি এই পথেদি তেজপুৰ চহৰৰ দিশে গতি কৰে বা তেজপুৰৰ পৰা বাহিৰলৈ ওলাই যাবলগীয়াত হয় তেন্তে আপুনিও সন্মুখীন হ'ব তীব্ৰ যান-যটৰ ৷

যান-যটে জুৰুলা কৰিছে তেজপুৰবাসীক

তীব্ৰ যান-যটৰ বাবেই ইতিমধ্যে অসম বিধান সভাৰ বাজেটত তেজপুৰ মিছন চাৰিয়ালিত এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে পুঁজি ধাৰ্য কৰিছে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, 2018 চনৰ পৰা এই 15 নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণৰ বাবে এই পথৰ কাষতে থকা উত্তৰ-পূৰ্বাঞ্চলৰ সেনাবাহীনৰ মুখ্য কাৰ্যালয় গজৰাজ কৰ্পছৰ লগত এক আলোচনাত মিলিত হৈছিল অসমৰ তদানীন্তন মুখ্য সচিব গৰাকীয়ে , কিন্তু যোৱা দুটা বছৰে অসম চৰকাৰে এই শিতানত কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল যদিও শেহতীয়াকৈ এই পথৰ ওপৰত 15 নং ৰাষ্ট্ৰীয় ঘাই পথত প্ৰথম খন উৰণীয়া সেতু নিৰ্মাণৰ বাবে বাজেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

আৰু পঢ়কঃ গগৈ-আজমলক লগত লৈ মনোনয়ন দাখিল কৰিলে অজিত কুমাৰ ভূঞাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.