ETV Bharat / state

এইবাৰ আঘোণ সোণোৱালী নহ'ল খোৱাঙৰ কৃষকৰ - PADDY FIELDS HIT BY INSECTS

আঘোণৰ পথাৰলৈ চাই চকুলো টুকিছে কৃষকে । খোৱাঙৰ দলনিকুৰত নাই আঘোণৰ মাদকতা । চৰহা পোকে সকলো সপোন কাঢ়ি নিলে কৃষক ৰাইজৰ ।

Locust destroyed paddy field in Dibrugarh
এইবাৰ আঘোণ সোণোৱালী নহ'ল খোৱাঙৰ কৃষকৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 6:09 PM IST

মৰাণ: এতিয়া আঘোণ মাহ । গাঁৱৰ জীৱনৰ সোণোৱালী সপোন বাস্তৱ হোৱাৰ সময় । শাওণৰ বোকাময় পথাৰ সোণোৱালী হৈ পৰাত ব্যস্ততা বৃদ্ধি পাইছে কৃষক ৰাইজৰ । পুৱা নিয়ৰ সৰাৰ লগে লগে পথাৰলৈ ধাপলি মেলিছে দাৱনী ।

ৰাজ্যৰ প্ৰতিজন কৃষকে বছৰটোৰ বাবে সোণগুটি চপোৱাৰ সময়ত ডিব্ৰুগড় জিলাৰ খোৱাঙৰ এটা প্ৰান্তৰত নাই আঘোণৰ এই মাদকতা । আঘোণৰ পথাৰত চকুলো ওলাইছে কৃষকৰ ।

এইবাৰ আঘোণ সোণোৱালী নহ'ল খোৱাঙৰ কৃষকৰ (ETV Bharat Assam)

চৰহা পোকে সকলো সপোন কাঢ়ি নিলে কৃষক ৰাইজৰ । বানে ধোৱা খোৱাং দলনিকুৰত বিঘাই বিঘাই গেৰ ধৰা ধান খাই তহিলং কৰিলে চৰহা পোকে । পথাৰত আছে মাথো শুকান নৰা বিলাকহে । শ শ বিঘা মাটিত উপদ্ৰৱ চলালে চৰহা পোকে । উদং পথাৰখনলৈ চাই এতিয়া হুমুনিয়াহ কাঢ়িছে কৃষক ৰাইজে । বানবিধ্বস্ত ৰাইজে দুবাৰকৈ ৰোপণ কৰিছিল কঠীয়া । প্ৰথমে ৰোপণ কৰাৰ পিছত বানে বুৰাই পেলালে । ইয়াৰ পিছত পুনৰ হেঁপাহেৰে কঠীয়া ৰোৱাৰ পিছত চৰহা পোকে উপদ্ৰৱ চলালে ।

কৃষি বিভাগক অৱগত কৰাৰ পাছতো খবৰ এটাও নোলোৱাৰ অভিযোগ কৰিছে কৃষক ৰাইজে । বহু কৃষকৰ ন-চাউল হিচাপে খাবলৈ ধান এমুঠিও নাই । দুৰ্ভগীয়া কৃষক ৰাইজে চৰকাৰৰ পৰা কিছু সহায়ৰ আশা কৰিছে যদিও কৃষকসকলৰ এই দুৰ্যোগৰ খবৰ ল'বলৈ কৃষি বিভাগৰ সময় হ'বনে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ।

কৃষি বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ:

ৰাজ্যখনৰ ভিতৰতে এইবাৰ ডিব্ৰুগড়ৰ খোৱাঙত বানৰ ভয়াবহতা অধিক হৈছিল । এই বছৰত দুটাকৈ ভংয়কৰ বানৰ ফলত বুঢ়ীদিহিঙৰ নদীৰ পানীয়ে কেইবাটাও স্থানত মথাউৰি আৰু ৰিংবান্ধ চিঙি নিয়াত মাহ ধৰি ৰাইজে বান শিবিৰত থাকিব লগা হৈছিল । কিন্তু ইয়াৰ পাছতো খোৱাঙৰ দলনিকুৰত ৰাইজে বিভিন্ন স্থানৰ পৰা কঠীয়া আনি ৰুইছিল ।

কিন্তু এতিয়া আঘোণৰ পথাৰ সোণোৱালী হোৱাৰ সলনি মৰহি গৈছে । বিঘাই বিঘাই ধাননী পথাৰ চৰহা পোকে নষ্ট কৰিছে যদিও কৃষি বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈছে ভুক্তভোগী কৃষকসকল । বিয়াগোম কৃষি বিভাগে কৃষক ৰাইজক সহায় কৰিব নোৱাৰা বাবে কৃষকসকল বিপদত পৰা বুলি জানিবলৈ দিয়ে কৃষকসকলে ।

লগতে পঢ়ক: চৰহা লগা ধাননিত মন্ত্ৰী অতুল বৰা - paddy fields hit by insects

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.