ETV Bharat / state

পুনৰ লক ডাউনৰ দিশে শোণিতপুৰ জিলা ! - শোণিতপুৰ জিলা প্ৰশাসন

শোণিতপুৰত সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনা ৷ এই তথা সদৰি কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ৷ আনকি বৃহস্পতিবাৰৰ পৰা শোণিতপুৰত দোকান-পোহাৰ সমূহ সম্পূৰ্ণ বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে ৷ কিয়নো ভয়াৱহ হাৰত শোণিতপুৰত বৃদ্ধি হৈছে ক’ভিডৰ সংক্ৰমণ ৷

Total lockdown at sonitpur
শোণিতপুৰ জিলাত বন্ধ হ’ব দোকান-পোহাৰ
author img

By

Published : Jul 7, 2021, 9:27 PM IST

তেজপুৰ,7 জুলাই : সম্পূৰ্ণ লকডাউনৰ দিশে শোণিতপুৰৰ জিলা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰৰ জিলাটো বৃদ্ধি পাইছে ক’ভিড মহামাৰীৰ প্ৰকোপ ৷ যাৰবাবে শোণিতপুৰ জিলা প্ৰশাসনে বৃস্পতিবাৰৰ পৰা সম্পূৰ্ণ লক ডাউনৰ ব্যৱস্থা গ্ৰহণ কৰিছে । এই কথা প্ৰকাশ কৰিছে তেজপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে ৷

ৰাজ্য চৰকাৰে জাৰি কৰা পূৰ্বৰ সিদ্ধান্ত মৰ্মে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান গেলামাল ফলমূলৰ দোকান খোলাৰ ব্যবস্থা কৰিছিল ৷ কিন্তু ৰাইজে ৰাজ্য চৰকাৰৰ সেই সিদ্ধান্ত মানি চলা পৰিলক্ষিত নহ’ল ৷ যাৰবাবে এইবাৰ বিশেষকৈ শোণিতপুৰ জিলাৰ প্ৰশাসনে গ্ৰহণ কৰিছে কিছু কঠোৰ সিদ্ধান্ত ৷

জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস আৰু আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনৱাৰে উল্লেখ কৰা অনুসৰি বৃহস্পতিবাৰৰ পৰা শোণিতপুৰ জিলাৰ দোকান সমূহ সম্পূৰ্ণ বন্ধ কৰি দিয়া হ’ব ৷

কেৱল গেলামালৰ দোকান অথবা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দোকানেই নহয়, ফলমূলৰ দোকানো সম্পূৰ্ণ ৰূপে বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে । নিত্য ব্যৱহাৰ্য সামগ্ৰী সমূহ হোম দেলিভাৰী দিয়াৰ চিন্তা-চৰ্চা কৰিছে জিলা প্ৰশাসনে ৷ এই সন্দৰ্ভত পৰৱৰ্তী সময়ত নিৰ্দেশনা প্ৰকাশ কৰিব বুলি উল্লেখ কৰে জিলা উপাযুক্ত গৰাকীয়ে ৷

শোণিতপুৰ জিলাত বন্ধ হ’ব দোকান-পোহাৰ

কেৱল দোকান-পোহাৰে নহয় আন্তঃ জিলা যাতায়তৰ ক্ষেত্ৰতো কিছু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ৷ কেৱল জৰুৰীকালিন সেৱা সমূহ এই ক্ষেত্ৰৰ পৰা কিছু সকাহ প্ৰদান কৰিছে জিলা প্ৰশাসনে ৷ বাকী সকলো ধৰণৰ যাতায়ত বন্ধ থাকিব এই সময়চোৱাত ৷

শোণিতপুৰ জিলা স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি, শোণিতপুৰ জিলাত মঙলবাৰৰ দিনটোত ক’ভিড সংক্ৰমণৰ হাৰ 3.7% লৈ বৃদ্ধি পাইছে ৷ ইয়াৰে অধিকাংশ শিশু বুলি উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে । পৰাপক্ষত শিশু সকলক ঘৰৰ ভিতৰতে ৰাখিবলৈ জিলা স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনে অভিভাৱক সকলক অনুৰোধ জনাইছে ৷

জিলা প্ৰশাসনো ইতিমধ্যে সষ্টম হৈছে ৷ জিলাখনৰ বিভিন্ন ঠাইত চেক পইন্ট, তালাচী অভিযানৰ লগতে বহু আৰক্ষীক মোটায়েন কৰিছে ৷ এক প্ৰকাৰে ক’ভিডক পৰাভূত কৰিবলৈ ইতিমধ্যে যুদ্ধংদেহী ৰূপ ধাৰণ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ৷

লগতে পঢ়ক: কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল ৰাজ্যিক Cabinet ত ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.