ETV Bharat / state

11 বজাৰ শীৰ্ষ 10টা বাতৰি - TOP10 AT 11 AM

11 বজাৰ শীৰ্ষ 10টা বাতৰি

top10-at-11-am
11 বজাৰ শীৰ্ষ 10টা বাতৰি
author img

By

Published : Jun 28, 2022, 11:04 AM IST

Mumbai Building Collapsed: মুম্বাইত অট্টালিকা খহি 5 জন আহত, বহু লোক আৱদ্ধ

মুম্বাইৰ কুৰ্লাত ভয়ংকৰ অঘটন (Mumbai Building Collapsed) ৷ তাচপাতৰ দৰে খহি পৰিল এটা চাৰিমহলীয়া অট্টালিকা ৷ অট্টালিকা খহি পৰাৰ ফলত ধ্বংসস্তুপত আৱদ্ধ হৈ পৰিছে বহু লোক ৷ উদ্ধাৰ অভিযান অব্যাহত ৷

Man arrested with fake gold: জামুগুৰিহাটত নকল সোণৰ নাওসহ এজন গ্ৰেপ্তাৰ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত দেওবাৰে নিশা আৰক্ষীয়ে ১.৮ কিলোগ্ৰাম ওজনৰ নকল সোণৰ নাওসহ এজন লোকক আটক কৰে (Man arrested with fake gold boat) ৷ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি অঞ্চলটোৰ ভৰলী চাপৰীৰ পৰা নকল সোণৰ নাওসহ ৰছিদুল হক নামৰ এজন অসাধু ব্যৱসায়ীক আটক কৰে ৷ ধৃত ৰছিদুলৰ ঘৰ লক্ষীমপুৰ জিলাত বুলি জানিব পৰা গৈছে । ইফালে অভিযানৰ সময়ত আৰক্ষীয়ে AS01 BG 0031 নাম্বাৰৰ এখন স্কৰপিঅ’ বাহনো জব্দ কৰিবলৈ সক্ষম হৈছে ৷

HS Result 2022: এখন বিদ্যালয়ৰ চাৰিগৰাকী ছাত্ৰীয়ে দেখুৱালে সফলতাৰ এক অনন্য নিদৰ্শন

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ চাৰিগৰাকী ছাত্ৰীয়ে দেখুৱালে সফলতাৰ এক অনন্য নিদৰ্শন (HS Result 2022) ৷ খুচুৰা ব্যৱসায় বিষয়ত 100 শতাংশ নম্বৰ লাভ পৰিকংকনা, পৰিস্মিতা, পাৰমিতা আৰু নিমিকংকনাৰ (100 percent marks in Retail Trade) ৷

চৰকাৰী শিক্ষানুষ্ঠানতকৈ বেচৰকাৰী শিক্ষানুষ্ঠানৰ ফলাফল ভাল হ'বই: মুখ্যমন্ত্ৰী

সোমবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য প্ৰকাশ(CM Himanta comments on HS Exam result 2022) ৷

প্ৰায় ৭,০০০ খন অসমীয়া গ্ৰন্থ চাইবাৰ অপৰাধীৰ কবলত

এইবাৰ সাহিত্যৰ জগতো পৰিল চাইবাৰ ক্ৰাইমৰ গৰাহত ৷ চাইবাৰ অপৰাধীৰ কবলত পৰিল প্ৰায় 7,000 অসমীয়া গ্ৰন্থ (Assamese book piracy)৷ এনে চাইবাৰ অপৰাধীৰ অন্যতম এজনক সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ৰিজাল্টক লৈ সুখী শিক্ষামন্ত্ৰী: প্ৰদান কৰা হ’ব স্কুটী

সোমবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলক লৈ সুখী বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে(Education minister of Assam) ৷ বিগত 10 বছৰৰ ভিতৰত এই বৰ্ষৰ ফলাফল উন্নত বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ আনহাত মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰিয়েই নিৰ্দিষ্ট কাট্ অব্ মাৰ্কৰ ভিত্তিত স্কুটী প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰিলে ডাঃ পেগুৱে ৷

বিজ্ঞান শাখাত দশম স্থান লাভ কৰি বৰপেটাত উজলিল সুপ্ৰজিৎ সাহা

সোমবাৰে ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল (Assam Higher Secondary result 2022) । ইফালে, বিজ্ঞান শাখাৰ দশম স্থান দখল কৰি বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাবী ছাত্ৰ সুপ্ৰজিৎ সাহাই ৷ বৰপেটাৰোডৰ জে চি মেক্সিৱেলত অধ্যয়নৰত আছিল মেধাবী ছাত্ৰগৰাকী(Suprajit Saha got 10th position in Science stream) ৷

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক

তিনিওটা শাখাতে ছাত্ৰতকৈ ছাত্ৰীসকলৰ উত্তীৰ্ণৰ হাৰ বেছি । কলা শাখাত মুঠ ৫৫,৮১৯ ছাত্ৰৰ বিপৰীতে ৭১,৩৮৮ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ইয়াৰে ভিতৰত ৪৫,৪৬১ গৰাকী ছাত্ৰ আৰু ৬০,৮১৮ গৰাকী ছাত্ৰী উত্তীৰ্ণ হৈছে । কলা শাখাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮১.৪৪ৰ (Boys student passing rate in HS Arts 2022 81.44) বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৫.১৯ শতাংশ (Girls student passing rate in HS Arts 2022 85.19) ।

বান সাহাৰ্য আত্মসাৎ কৰি হাতে-লোটে গ্ৰেপ্তাৰ দুই মণ্ডল

বান সাহাৰ্য আত্মসাৎ কৰি গ্ৰেপ্তাৰ দুই লাট মণ্ডল ৷ সৰ্থেবাৰী ৰাজহ চক্ৰত কৰ্মৰত আছিল এই দুয়োগৰাকী মণ্ডল । দুই মণ্ডলৰ বিৰুদ্ধে চক্ৰ বিষয়া ত্ৰিদিব কুমাৰ কোঁৱৰৰ সৰ্থেবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল(Lat Mandals arrested for embezzlement of flood relief) ৷

বাণিজ্য শাখাত ষষ্ঠ স্থানত উজলিল গোৱালপাৰাৰ মৃণাল ৰায়

সোমবাৰে ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল (Assam Higher Secondary result 2022) । ইফালে, বানিজ্য শাখাত ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হ'ল গোৱালপাৰাৰ মৃণাল ৰায়ে ৷ গোৱালপাৰা জিলাৰ কৃষ্ণাইস্থিত ষ্টেপছ একাডেমীৰ ছাত্ৰ আছিল মৃণাল ৰায়(Mrinal Roy got 6th position in commerce stream)। ৯৩.৬ শতাংশ নম্বৰেৰে ষষ্ঠ স্থান দখল কৰি সমগ্ৰ জিলাখনৰ লগতে কৃষ্ণাইলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.