তেজপুৰ, 23 জুলাই : ৰাজ্যত নিতৌ বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ ৰাজ্যৰ অন্ন জিলাৰ লগতে তেজপুৰ জিলাতো কৰ'ণা ভাইৰাছ গণ সংক্ৰমণৰ ফালে গতি কৰিছে ৷

শেহতীয়াকৈ,তেজপুৰৰ বালি চাপৰিৰ দিলীপ দেৱনাথ নামৰ লোকজনৰ দেহত কৰ'ণা পজিটিভ পোৱাত স্বাস্থ্য বিভাগে দেৱনাথক তেজপুৰ পৰোৱাৰ ক'ভিড হাস্পতাললৈ প্ৰেৰণ কৰিছে আৰু বালি চাপৰিৰ বাসগৃহ মঙলবাৰে জিলা প্ৰশাসনে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷ লগতে,তেওঁৰ পৰিয়ালৰ তিনিজন সদস্য কন্টেইনমেন্ট জ'নত আছে বুলি জানিব পৰা গৈছে ।
আনহাতে, বুধবাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাবিত কৰাত কন্টেইনমেন্ট জ'নত থকা দেৱনাথৰ পৰিয়ালটোৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিব দিয়ে ৷ লগতে,পৰিয়ালটো খাদ্য সংকটৰ সন্মুখীন হোৱা বুলিও উল্লেখ কৰে ৷
ইফালে, তেজপুৰ চ'ক বজাৰত এজন চাহ দোকানীৰ কৰ'ণা পজিটিভ পোৱাৰ পাচত তেওঁৰ পৰা বজাৰ খনৰ অন্য ব্যৱসায়ীলৈ সংক্রমণ ঘটাৰ সন্দেহত ব্যৱসায়ী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । উল্লেখ্য যে,বৃহস্পতিবাৰে শোণিতপুৰ জিলাখনত 35 জন লোকৰ দেহত কৰ'ণা পজিটিভ পোৱাত শংকিত হৈ পৰিছে তেজপুৰবাসী । বৰ্তমানকলৈ জিলাখনত কৰ'ণা আক্রান্তৰ সংখ্যা 707 জনলৈ বৃদ্ধি হয় ৷
লগতে পঢ়ক : অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত কৃষক মুক্তিৰ প্ৰতিবাদ