ETV Bharat / state

Tobacco free villages : ৩৫ বছৰে সম্পূৰ্ণ ধঁপাত মুক্ত হৈ থকা ভাৰত তিব্বত সীমান্তৰ এখন গাঁৱৰ কাহিনী

author img

By

Published : Apr 3, 2023, 10:45 PM IST

ধঁপাত মুক্ত এখন গাঁও (Tobacco free villages) ৷ আপুনি বাৰু জানেনে ক’ত আছে এই বিশেষ গাঁওখন ? জানিব পৰা মতে, এই বিশেষ গাঁওখনত ধঁপাত সেৱন কৰাতো পাপ বুলি গণ্য কৰা হয় ৷ এই বিশেষ গাঁওখনৰ সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন...

Tobacco free villages at Tawang
৩৫ বছৰে সম্পূৰ্ণ ধঁপাত মুক্ত হৈ থকা এখন গাঁও

তেজপুৰ, ৩ এপ্ৰিল : অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ পশ্চিমে থকা এখন বিশেষ গাঁও ৷ যোৱা ৩৫ বছৰে সম্পূৰ্ণ ধঁপাত মুক্ত হৈ আছে এই গাঁওখন ৷ (Tobacco free villages) ভাৰত-তিব্বত আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চলৰ ওচৰৰ কেন্দ্ৰীয় চৰকাৰৰ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ অধীনত আছে এইখন গাঁৱৰ নাম লুম্পো ৷

যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল যে, আন্তঃৰাষ্ট্ৰীয় সীমান্তত বসতি কৰা লোকসকলৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰায় ২৯৬৮ খন গাঁও ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম কাৰ্যসূচীৰ অধীনত সামৰি লৈছে ৷ তাৰে ভিতৰত অৰুণাচল প্ৰদেশত ১৪৫১ খন গাঁও সামৰি লোৱা হৈছে ৷ যিসমূহ গাঁও ভাৰতীয় সেনাৰ অধীনত আছে ৷

টাৱাং জিলা তথ্য জনসংযোগৰ বিষয়াসকলৰ মতে, জেমিথাঙৰ চক্ৰৰ লুম্পো/লুনপো গাঁওখন যোৱা ৩৫ বছৰ ধৰি ধঁপাত মুক্ত গাঁৱৰ এক উদাহৰণ হৈ আহিছে (Tobacco free villages at Tawang) । এই গাঁৱৰ গাঁওবুঢ়া নৱাং চোট্টাই গৌৰৱেৰে জনাইছে যে তেওঁ আৰু তেওঁৰ গাঁওবাসীয়ে নিজৰ গাঁৱত কোনো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰ নকৰাকৈ তেওঁলোকৰ পূৰ্বপুৰুষ আৰু ধৰ্মীয় গুৰুসকলে দিয়া নিৰ্দেশনা মানি চলিছে ।

‘‘ধঁপাত মানুহৰ লগতে ইয়াৰ সংস্পৰ্শলৈ অহা সকলো জ্ঞানশীল সত্তাৰ বাবেও ক্ষতিকাৰক আৰু এই বিহ ব্যৱহাৰ কৰাটো আমাৰ বাবে পাপ’’ বুলি তেওঁ লগতে কয় । ভাৰত-তিব্বত সীমান্তত অৰুণাচল প্ৰদেশত থকা ভাৰতৰ অন্তিম প্ৰশাসনিক মুখ্য কাৰ্যালয়ৰ ভিতৰত জেমিথাং ।

Tobacco free villages at Tawang
ক’ত আছে ধঁপাত মুক্তখন ?

পৰম্পৰাগতভাৱে এই অঞ্চলটোক PANG-CHHEN বুলি জনা যায় ৷ যাৰ অৰ্থ হ’ল এই অঞ্চলত বাস কৰা লোকসকলে বুদ্ধৰ শিক্ষা অনুসৰি দহটা ডাঙৰ পাপ নকৰাৰ প্ৰতিজ্ঞা লৈছে আৰু জনসাধাৰণক পাংচেনপাৰ বুলি কোৱা হয় । ঐতিহাসিকভাৱে পাংচেন ডিং গ্ৰো নামেৰে জনাজাত ছয়খন গাঁৱৰ থুপেই ‘‘পাংচেন ট্ছ’’ গঠন কৰিছিল ।

বিশ্বাস কৰা হয় যে, মনপা ৰজা কালাৱাংপোৰ প্ৰথমগৰাকী ৰাণী জেমেইথাং অঞ্চলৰ আছিল ৷ তেওঁৰ নাম আছিল হাচাং ৷ কিন্তু কোৱা হৈছে সেই ৰাণী হাচাং আছিল এগৰাকী অৰ্ধদেৱী । গোৰ্জাম গাঁৱৰ গৰ্জাম স্তুপ অন্যতম পুৰণি কীৰ্তিচিহ্ন যিটো খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ । এই স্তুপটো খাৰমান গাঁৱৰ সাংগে দ্ৰাথাৰে নিৰ্মাণ কৰিছিল ।

এটা দুষ্ট আত্মাই (সাদা ডুগপাচেন) ন্যামজাং নদীৰ ওপৰত থকা শিলৰ দলং গৰ্জাম ব্যৱহাৰ কৰি জনসাধাৰণৰ বাবে উপদ্ৰৱৰ সৃষ্টি কৰি আহিছিল ৷ গতিকে সেই দুষ্ট আত্মাক বশ কৰিবলৈ সাংগে দ্ৰাথাৰে সেই শিলৰ দলংখনৰ ওপৰত স্তুপ নিৰ্মাণ কৰিছিল ।

জেমিথাঙৰ খেনজিমনি হৈছে সেই ঠাই, য’ৰ পৰা পৰম পবিত্ৰ ১৪ নং দালাই লামা গ্যালৱা টেনজিন গ্যাটছ’ই ১৯৫৯ চনৰ ৩১ মাৰ্চত নিজৰ দেশ এৰি ভাৰতত প্ৰৱেশ কৰিছিল । lhasa ৰ পৰা Kenzamani লৈ তেওঁৰ দীঘলীয়া যাত্ৰাত ব্যৱহাৰ কৰা খোজকাঢ়ি যোৱা লাঠিডাল ইয়াত গোৰং কুকপাত ৰোপণ কৰা হৈছিল ৷ পিচত সেই লাঠিডাল এজোপা গছত পৰিণত হয় ৷ এতিয়া মানুহে এই ঠাইলৈ এই পবিত্ৰ গছজোপা চাবলৈ যায় আৰু ইয়াৰ পৰা আশীৰ্বাদ লয় ।

Tobacco free villages at Tawang
ধঁপাত মুক্ত এখন গাঁও

এই সকলোবোৰৰ উপৰিও জেমেইথাং উপত্যকাৰ সুন্দৰ প্ৰাকৃতিক দৃশ্যপট আছে ৷ ক’লা ডিঙিৰ চৰাইবোৰে ব্ৰকিয়েনথাং গাঁৱলৈ প্ৰব্ৰজন কৰি ইয়াৰ সৌন্দৰ্যত অধিক ৰং যোগ কৰে । বা-ছাম, শ্বাৱা ছাম আৰু অনন্য আজি লামো নৃত্য জেমেইথাংৰ প্ৰায় প্ৰতিখন গাঁৱে পৰিৱেশন কৰা কিছুমান সুন্দৰ নৃত্য ।

বৰ্তমানৰ জেমিথাঙৰ আৰু টাৱাং নিৰ্মাণত অৰিহণা যোগোৱা কিছুমান ঐতিহাসিক ব্যক্তি আছিল তান্ত্ৰিক মহাসিদ্ধ টেৰ্টন জিগমে লিংপা, লামা টেউগী পুৰ্গিয়েন, খেনপো চয়ৎছাল ৰাবজোৰ আৰু চাংগে দ্ৰাথাৰ আদি । জেমিথাঙৰ এতিয়া সজীৱ গাঁৱৰ কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হৈছে ৷

ইয়াৰ লগে লগে জিলা প্ৰশাসন টাৱাঙৰ জেমিথাঙ ভ্ৰমণ কৰা পৰ্যটকৰ সুবিধাৰ বাবে সাজু হৈছে ৷ ভাৰতীয় সেনা আৰু অন্যান্য নিৰাপত্তা বাহিনীয়েও জেমেইথাংক সজীৱ কৰি তোলাত সহযোগিতা আগবঢ়াইছে ।

লগতে পঢ়ক : Gangsters list by NIA: দেশৰ 28 টা দুধৰ্ষ গেংষ্টাৰৰ নাম প্ৰকাশ এনআইএৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.